কোকৰাঝাৰ, 19 জুলাই: শনিবাৰে নিশা প্ৰায় 9:30 বজাত গোপন সুত্ৰই দিয়া তথ্য অনুসৰি গোসাঁইগাঁও আৰক্ষীয়ে অভিযান চলায় বংগ সীমান্তৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত ৷ আৰক্ষীয়ে লাভ কৰা তথ্য অনুসৰি, AS-01 LC-1397 AS-23 আৰু BC-4317 নম্বৰৰ দুখন ট্ৰাকে চোৰাং গৰু কঢ়িয়াই আনিছে ৷ সেই অনুসৰি আৰক্ষীয়ে চলোৱা অভিযানত দুয়োখন ট্ৰাকৰ পৰা জব্দ কৰা হয় ৪৮ টাকৈ গৰু ৷ উল্লেখ্য যে, গোসাঁইগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মিন্টু বৰুৱাৰ নেতৃত্বত এটা দলে চলাইছিল এই অভিযান ৷
আৰক্ষীৰ সোধ পোছৰ অন্তত জানিব পৰা গৈছে যে,ট্ৰাক দুখনে গৰু কেইটা বিহাৰৰ মধুপুৰৰ পৰা কঢ়িয়াই আনিছিল অৰুণাচল পাছিঘাটলৈ সৰৱৰাহ কৰাৰ বাবে ৷ অৰুণাচল পাছিঘাট অভিমুখে গৈ থকা অৱস্থাতে আৰক্ষীয়ে জব্দ কৰে দুয়োখন ট্ৰাক ৷ আৰক্ষীয়ে ইতিমধ্যে গৰু কঢ়িয়াই অনা ট্ৰাক দুখনৰ চালক,হেণ্ডিমেনসহ 10 গৰাকী অভিযুক্তক আটক কৰে ৷ সম্প্ৰতি শ্ৰীৰামপুৰত ৰখা হৈছে আৰক্ষীয়ে জব্দ কৰা গৰুকেইটা ৷ আনহাতে আটকাধীন লোক কেইগৰাকীৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা হৈছে ৷
লগতে পঢ়ক: বিবাহৰ প্ৰলোভনৰে প্ৰেমিকাক অন্তঃসত্বা, ন্যায় বিচাৰি থানাত প্ৰেমিকা