ETV Bharat / state

কোকৰাঝাৰত বিএছইউৰ উদ্যোগত প্ৰতিবাদী ৰেলী - কেণ্ডেল ৰেলী

কোকৰাঝাৰত বিএছইউৰ উদ্যোগত প্ৰতিবাদী ৰেলী ৷ চহৰ খনত দিনক দিনে সমাজ বিৰোধী কাৰ্যকলাপৰ লগতে ড্ৰাগছ, মদ ,গাঞ্জা, জুৱাৰ অবাধ প্ৰচলনে সামাজিক পৰিৱেশ বিনষ্ট কৰিছে ৷ শেহতীয়াকৈ চহৰ খনত স্প্ৰে মেনৰ দল এটাই আতংকৰ সৃষ্টি কৰিছে৷

কেণ্ডেল ৰেলী
author img

By

Published : Sep 15, 2019, 12:02 PM IST

কোকৰাঝাৰ, 15 ছেপ্টেম্বৰঃ কোকৰাঝাৰ চহৰত দিনক দিনে সমাজ বিৰোধী কাৰ্যকলাপৰ লগতে ড্ৰাগছ, মদ , গাঞ্জা আৰু জুৱাৰ অবাধ প্ৰচলনে সামাজিক পৰিৱেশ বিনষ্ট কৰিছে ৷ ইয়াৰোপৰিও শেহতীয়াকৈ চহৰ খনত স্প্ৰে মেনৰ দল এটাই আতংকৰ সৃষ্টি কৰিছে ৷ সেয়ে দেওবাৰে বিয়লি বড়োলেণ্ড ছাত্ৰ সন্থা চমুকৈ বিএছইউৰ উদ্যোগত চহৰখনত এক প্ৰতিবাদী সমদল উলিওৱা হয় ৷

কেণ্ডেল ৰেলী

হাতে হাতে মমবাতি লৈ উলিওৱা ৰেলীত বিএছইউৰ সভাপতি সুবুংসাৰ বসুমতাৰী, সাধাৰণ সম্পাদক বনজিৎ মঞ্জিল বসুমতাৰী, জিলা সভাপতি দেৰহাছাৎ ব্ৰহ্ম, বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ নেতা দাউৰাও দেখ্ৰেৱ নাৰ্জাৰীকে ধৰি বিভিন্ন স্কুল, কলেজৰ ছাত্ৰ-ছাত্ৰীৰ লগতে কেইবাশতাধিক পুৰুষ, মহিলাই অংশগ্ৰহণ কৰে ৷ উল্লেখ্য যে কোকৰাঝাৰ চহৰত চলি থকা মেলা সমূহত জুৱা,সুৰা আদিৰ অবাধ প্ৰচলন বন্ধ কৰা আৰু চহৰখনত সম্প্ৰতি স্প্ৰে মেনৰ এক দুষ্টচক্ৰই যুৱতী- মহিলা সকলক লক্ষ্য কৰি অনৈতিক কাৰ্যত লিপ্ত হোৱা কাৰ্যৰ প্ৰতিবাদত বিএছইউয়ে চহৰখনত এই কেণ্ডেল ৰেলী উলিয়ায় ৷

Intro:[] কোকৰাঝাৰত মদ , জুৱা , সুৰাৰ অবাধ প্ৰচলন।
[] বিএছইউৰ উদ্যোগত কেণ্ডেল ৰেলী

কোকৰাঝাৰ সদৰ চহৰত দিনক দিনে সমাজ বিৰোধী কাৰ্যকলাপৰ লগতে ড্ৰাগছ , মদ , গাঞ্জা , জুৱাৰ অবাধ প্ৰচলনে সামাজিক পৰিৱেশ বিনষ্ট কৰি তোলাৰ উপৰিও শেহতীয়াকৈ চহৰখনত স্প্ৰে মেনৰ দল এটাই আতংকৰ সৃষ্টি কৰাত আজি সন্ধিয়া ৫ বজাত
বড়োলেণ্ড ছাত্ৰ সন্থা চমুকৈ বিএছইউৰ উদ্যোগত চহৰখনত এক কেণ্ডেল ৰেলী উলিওৱা হয় ৷

Body:হাতে হাতে মমবাতি লৈ উলিওৱা কেণ্ডল ৰেলীত বিএছইউৰ সভাপতি সুবুংসাৰ বসুমতাৰ,সাধাৰণ সম্পাদক বনজিৎ মঞ্জিল বসুমতাৰী,জিলা সভাপতি দেৰহাছাৎ ব্ৰহ্ম,বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ নেতা দাউৰাও দেখ্ৰেৱ নাৰ্জাৰীকে ধৰি বিভিন্ন স্কুল,কলেজৰ ছাত্ৰ,ছাত্ৰীকে ধৰি কেইবাশতাধিক পুৰুষ,মহিলা অংশগ্ৰহণ কৰি বিভিন্ন শ্লোগান দি উত্তাল কৰি তোলে ৷

Conclusion:উল্লেখ্য যে কোকৰাঝাৰ চহৰত হ'কে বিহ'কে চলি থকা মেলাসমুহত জুৱা, সুৰা আদিৰ অবাধ প্ৰচলন বন্ধ কৰা, চহৰখনত সম্প্ৰতি স্প্ৰে মেনৰ এক দুষ্টচক্ৰই ঘৰত অকলে থকা যুৱতী- মহিলাসকলক " টাৰ্গেট " কৰি অনৈতিক কাৰ্যত লিপ্ত হোৱা কাৰ্যৰ প্ৰতিবাদত আজি বিএছইউযে চহৰখনত কেণ্ডেল ৰেলী উলিয়ায় ৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.