ETV Bharat / state

ভাৰতীয় শ্বহীদ সেনাৰ স্মৃতিত কোকৰাঝাৰ ব্যৱসায়ীক সন্থাৰ লগতে এৱছুৰ বন্তি প্ৰজ্বলন

author img

By

Published : Jun 20, 2020, 3:52 AM IST

গালোৱানত শ্বহীদ হোৱা ভাৰতীয় সেনাৰ স্মৃতিত কোকৰাঝাৰ ব্যৱসায়ীক সন্থাৰ লগতে এৱছুৰ বন্তি প্ৰজ্বলন ৷ চীনা সামগ্ৰী, এপ বৰ্জনৰ আহ্বান ব্যৱসায়ীক সন্থাৰ ৷

tribute
tribute

কোকৰাঝাৰ, 20 জুনঃ ভাৰত-চীন সীমান্তবৰ্তীৰ গালোৱানত চীনা সৈন্যৰ বৰ্বৰোচিত আক্ৰমণত ভাৰতীয় সেনাৰ কৰ্নেলসহ কুৰিজন জোৱান শ্বহীদ হোৱা ঘটনাত গভীৰ শোক প্ৰকাশ কৰি আজি সন্ধিয়া কোকৰাঝাৰ চহৰৰ মাজমজিয়াৰ জে ডি ৰোডত সেনাৰ বীৰ জোৱান সকলৰ স্মৃতিত বন্তি প্ৰজ্বলনৰে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে কোকৰাঝাৰ ব্যৱসায়ীক সন্থাই ৷

ভাৰতীয় শ্বহীদ সেনাৰ স্মৃতিত কোকৰাঝাৰত বন্তি প্ৰজ্বলন

শুকুৰবাৰে ব্যৱসায়ীক সন্থাৰ উপ সভাপতি তথা মিডিয়া সমন্বয়ক ভৰত শৰ্মাই বীৰ জোৱানৰ স্মৃতি কাৰ্যসূচীত নেতৃত্ব দি শ্বহীদ সকলৰ আত্মবলিদানক শ্ৰদ্ধা জ্ঞাপন কৰি পদ পথত সমুহীয়া বন্তি প্ৰজ্বলন কৰে ৷

এই অনুষ্ঠানত ভাৰত মাতা জিন্দাবাদ,বীৰ শ্বহীদ অমৰ হওঁক আৰু চীনা বিৰোধী বিভিন্ন শ্লোগান দিয়ে ৷ শৰ্মাই সংবাদমহলৰ আগত চীনৰ বৰ্বৰোচিত কাৰ্যক নিন্দা কৰি ৰাইজক চীনা সামগ্ৰী আৰু চীনা এপ বৰ্জনৰ আহ্বান জনায় ৷ এই কাৰ্যসূচীত সন্থাৰ উপ সভাপতি দিলীপ ছেঠীয়া আৰু সম্পাদক সন্দিপ দত্তও উপস্থিত থাকে ৷

আনপিনে কোকৰাঝাৰ চহৰৰ বাগানশালিস্থিত এৱছুৰ বডোফা হাউচত বীৰ জোৱানসকলৰ স্মৃতিত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে নিখিল বড়ো ছাত্ৰ সংস্থা চমুকৈ এৱছুই ৷ এই উপলক্ষে নিখিল বড়ো ছাত্ৰ সংস্থাৰ সহকাৰী সাধাৰন সম্পাদক খৌৰমদাও ওৱাৰীৰ নেতৃত্বত আজি বডোফা হাউছত সন্ধিয়া গালোৱানত শ্বহীদ বৰণ কৰা কৰ্নেল সহ কুৰি জন ভাৰতীয় সেনা জোৱানৰ আত্মবলিদানক সোঁৱৰণ কৰি বীৰ সকলৰ স্মৃতিত বন্তি প্ৰজ্বলন আৰু এক মিনিট মৌন প্ৰাৰ্থনা কৰে ৷ বন্তি প্ৰজ্বলনত এৱছুৰ জিলা আৰু আঞ্চলিক সমিতিৰ নেতা কৰ্মীসকল উপস্থিত থাকে ৷ পিছত গালোৱানৰ ঘটনাক উদ্বেগ ব্যক্ত কৰি নিখিল বড়ো ছাত্ৰ সংস্থাৰ কেন্দ্ৰীয় সহকাৰী সাধাৰন সম্পাদক খৌৰমদাও ওৱাৰীয়ে ভাৰত চীনৰ সংঘাতে দুয়োখন দেশতে অৰ্থনৈতিক দুৰবস্থাৰ সৃষ্টি কৰিৱ বুলি দুই দেশৰ মাজত উদ্ভৱ হোৱা বিবাদ শান্তি আলোচনাৰে সমাধান কৰাৰ বাবে আহ্বান জনায় ৷

লগতে পঢ়কঃ চীনা সামগ্ৰী বৰ্জনৰ আহ্বান অসম চেম্বাৰছ অৱ কমাৰ্চৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.