ETV Bharat / state

Pathetic condition of Kokrajhar RNB Hospital: আৰ এন বি চিকিৎসালয়ৰ দুৰৱস্থা, হতবাক বিধান পৰিষদৰ স্থায়ী কমিটি

author img

By

Published : Nov 30, 2022, 12:20 PM IST

কোকৰাঝাৰ চহৰস্থিত ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ বৰ্তমানৰ অৱস্থা অতি পুতৌ লগা (Pathetic condition of Kokrajhar RNB Hospital)। হাস্পতালৰ ভিতৰৰ কদৰ্য ৰূপ দেখি আচৰিত বিটিআৰ বিধানপৰিষদৰ স্থায়ী কমিটি । খোদ শাসকীয় পক্ষৰ নেতাই স্বাস্থ্য বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিলে ।

Hospital
আৰ এন বি চিকিৎসালয়ৰ দুৰৱস্থা

কোকৰাঝাৰ, ৩০ নৱেম্বৰ : বিটিআৰৰ সদৰ কোকৰাঝাৰ চহৰস্থিত ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ দুৰৱস্থা দেখি আচৰিত বিটিআৰ বিধান পৰিষদৰ স্থায়ী কমিটিৰ প্ৰতিনিধি । হাস্পতালখনৰ কদৰ্য ৰূপ দেখি হতচকিত হৈ পৰে কমিটিৰ দলটো । মঙলবাৰে ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত বিটিআৰ বিধান পৰিষদৰ স্থায়ী কমিটিৰ এটা দল উপস্থিত হয় (BTR Standing Committee visits RNB Hospital)।

বিটিআৰ বিধান পৰিষদৰ বিভাগীয় স্থায়ী কমিটিৰ অধ্যক্ষ তথা বিটিআৰৰ পাৰিষদ সঞ্জয় স্বৰ্গীয়াৰীৰ নেৰ্তৃত্বত শাসক-বিৰোধী উভয় পক্ষৰ ৭ জনীয়া দলটোৱে চিকিৎসালয়খন পৰিদৰ্শন কৰি তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰে । বিভাগীয় কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'ৰ ভূমিকাক লৈ তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰে কমিটিৰ সদস্যসকলে (BTR Standing committee concerns over RNB hospital)। বিটিআৰৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য তথা বিজেপিৰ পাৰিষদ অৰূপ কুমাৰ দে'ৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰাও দেখা যায় ।

আৰ এন বি চিকিৎসালয়ৰ দুৰৱস্থা

বিটিআৰৰ স্বাস্থ্যবিভাগৰ কাৰ্যবাহী সদস্য তথা বিজেপিৰ পাৰিষদ অৰূপ কুমাৰ দে'ই কমিচনৰ নামত মোটা অংকৰ ধন লয় বুলিও অভিযোগ কৰে সদস্যসকলে । বিটিআৰ বিধান পৰিষদৰ স্থায়ী কমিটিৰ সদস্য তথা বিপিএফৰ পাৰিষদ দনেশ্বৰ গয়াৰীয়ে হাস্পতালখনৰ দুৰৱস্থা দেখি উদ্বেগ প্ৰকাশ কৰে (BPF leader slams EM Arup Kumar Dey)। তেওঁ কয় যে হাস্পতালখনৰ অস্ত্ৰোপচাৰ কক্ষ, প্ৰসূতি কক্ষ, কেবিনৰ পৰা আৰম্ভ কৰি ৰোগী থকা কোঠাসমূহৰ অৱস্থা অতি কদৰ্যময় ।

তেওঁ অভিযোগ কৰা মতে অস্ত্ৰোপচাৰ কক্ষটো অতি কদৰ্যময় অৱস্থাত আছে । তেওঁ অভিযোগ কৰা মতে যিটো কাম ২০-৩০ লাখ টকা হ'লেই সুন্দৰভাৱে কৰিব পাৰি তাতে কোটি টকা খৰছৰ প্ৰয়োজন বুলি কোৱাৰ আঁৰত কমিচনৰ খেল জড়িত আছে । চিকিৎসালয়খনৰ কদৰ্যময় অৱস্থাৰ বাবে মূলত বিটিআৰৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে' দোষী বুলি অভিযোগ কৰে দনেশ্বৰ গয়াৰীয়ে ।

আনহাতে কমিটিৰ আন এগৰাকী সদস্য তথা ইউপিপিএলৰ পাৰিষদ দিলীপ কুমাৰ বড়োই কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ত চিকিৎসাই চলে নে বুলি প্ৰশ্ন উত্থাপন কৰে । বিটিআৰৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'ই সদনৰ প্ৰশ্নোত্তৰ শিতানত যি তথ্য দিছিল তাৰ বিপৰীত ছবি হে কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়ত দেখা গ'ল বুলি গুৰুতৰ অভিযোগ কৰে সদস্যগৰাকীয়ে । বিষয়টোক লৈ উদ্বেগ প্ৰকাশ কৰি দুখীয়া ৰাইজৰ সুবিধাৰ্থে স্বাস্থ্যখণ্ডৰ উন্নয়ন কামনা কৰে দিলীপ কুমাৰ বড়োৱে । কাৰ্যবাহী সদস্য তথা বিজেপিৰ পাৰিষদ অৰূপ কুমাৰ দে'ৰ অকৰ্মণ্যতাৰ বাবে বিটিআৰৰ স্বাস্থ্য বিভাগৰ উন্নয়ন অৱনমিত হৈছে বুলিও অভিযোগ উঠিছে ।

উল্লেখ্য যে হাস্পতালখনৰ কদৰ্যময় অৱস্থাৰ বাবে ৰোগী আৰু স্থানীয় লোকসকলে বিভিন্ন অভিযোগ উত্থাপন কৰি আহিছে (Poor condition of Kokrajhar RNB hospital)। বাহিৰ ভাগৰ উপৰিও ভিতৰ ভাগতো বৰ্তমান কদৰ্য আৰু জৰাজীৰ্ণ অৱস্থা । তেনে লেতেৰা পৰিৱেশৰ মাজতে হাস্পতালখনত দীৰ্ঘদিন ধৰি চিকিৎসা চলি আহিছে । অৱশ্যে বিটিআৰ বিধান পৰিষদৰ স্থায়ী কমিটিৰ প্ৰতিনিধিসকলে এই পৰিৱেশ দেখাৰ পাছত বিষয়টো চৰকাৰে কিমান গুৰুত্ব সহকাৰে লয় সেয়াহে লক্ষণীয় হ'ব ।

লগতে পঢ়ক :Assembly all party leader visits Dhubri : ধুবুৰীত অসম বিধানসভাৰ সৰ্বদলীয় বিধায়িনী দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.