কোকৰাঝাৰ, ১৭ ডিচেম্বৰ: বিটিআৰ চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে কোকৰাঝাৰত বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে(One year complition of BTR Govt) । বিটিআৰ সচিবালয় পথাৰত দিনজোৰা কাৰ্যসূচীৰে উদযাপিত হ'বলগীয়া বৰ্ষপূৰ্তি অনুষ্ঠানৰ প্ৰস্তুতি ইতিমধ্যে প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে(Pramod Bodo led coalition Govt's 1st Anniverssary) ৷ শনিবাৰে প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল, বিজেপি আৰু জিএছপি মিত্ৰজোঁট বিটিআৰ চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি উদযাপন কৰা হ'ব ৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷

বিটিআৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেই বিশেষভাৱে বৰ্ষপূৰ্তি অনুষ্ঠানৰ প্ৰস্তুতিৰ তদাৰক কৰি থকা পৰিলক্ষিত হৈছে ৷ অৰূপ কুমাৰ দেই সদৰি কৰা মতে, বৰ্ষপূৰ্তি অনুষ্ঠানত ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তমাং উপস্থিত থাকিব ৷ বিটিআৰ চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তিৰ কাৰ্যসূচী সফল কৰি তুলিবলৈ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেই সকলো স্তৰৰ লোককে আহবান জনাইছে ৷
উল্লেখ্য যে, বৰ্ষপূৰ্তি অনুষ্ঠানৰ দিনজোৰা কাৰ্যসূচী অনুসৰি কাইলৈ অৰ্থাৎ শনিবাৰে পুৱা ৭.৩০ বজাত দোতমাৰ থুলুংগাপুৰীস্থিত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ, পুৱা ৮.১৫ বজাত কোকৰাঝাৰৰ ভাটিপাৰাত থকা বড়োলেণ্ড আন্দোলনৰ প্ৰথম শ্বহীদ সুজিত নাৰ্জাৰীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰা হ'ব ।
পুৱা ৮.৩০ বজাত দেৱৰগাঁওস্থিত বড়োলেণ্ড আন্দোলনৰ শ্বহীদৰ সমাধি ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি অৰ্পণৰ লগতে ৯ বজাত বিটিআৰ বিধানসভাৰ সন্মুখৰ সভাস্থলীত জাতীয় পতাকা উত্তোলন কৰা হ'ব । ইয়াৰ পাচত পুৱা ১০.৩০ বজাত মুখ্য অতিথিৰ দ্বাৰা কোকৰাঝাৰৰ চান্দামাৰীস্থিত তথা নৱনিৰ্মিত আই টি পাৰ্ক মুকলি কৰা হ'ব । দিনৰ ১১ বজাত বিটিআৰ বিধানসভাৰ সন্মুখত থকা বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰাৰ পাচত ১১.৩০ বজাত মুকলি সভা অনুষ্ঠিত হ'ব ৷
লগতে পঢ়ক:Winter Session of Assam Assembly: চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’ব বিধানসভাৰ শীতকালীন অধিৱেশন