ETV Bharat / state

বিটিচিত অনুষ্ঠিত কৰা হ'ব জনতাৰ দৰবাৰ : প্ৰমোদ বড়ো - বিটিআৰ

বিটিচি বিধান পৰিষদত বিটিচিৰ বৰ্ধিত চাৰি কাৰ্যবাহী সদস্যৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকি গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে প্ৰমোদ বড়োৱে ৷ বিটিআৰত সু-শাসনেৰে প্ৰতিটো জাতি-জনগোষ্ঠীৰ সমস্যা সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে বিটিচিত জনতাৰ দৰবাৰ অনুষ্ঠিত কৰা হ’ব বুলি ঘোষণা কৰিছে প্ৰমোদ বড়োৱে ।

btr-chief-promad-boro-says-on-corruption
বিটিচিত অনুষ্ঠিত কৰা হ'ব জনতাৰ দৰবাৰঃ প্ৰমোদ বড়ো
author img

By

Published : Dec 18, 2020, 10:06 PM IST

কোকৰাঝাৰ, ১৮ ডিচেম্বৰ : পৃথিৱীত এতিয়া ডাঙৰ সমস্যা সন্ত্ৰাসবাদ বা গুলী-বাৰুদ নহয় , ডাঙৰ সমস্যা হ'ল দূৰ্নীতি । বহু বছৰ ধৰি বিটিচিত দূৰ্নীতি সংঘটিত হৈ আহিছে ৷ আমি সকলোৱে মিলি দূৰ্নীতিমুক্ত বিটিআৰ গঠন কৰিব লাগিব । শেষ পৰ্যায়লৈকে যাতে হিতাধিকাৰীয়ে চৰকাৰৰ সা-সুবিধা লাভ কৰে তাৰ ওপৰত গুৰুত্ব দিব লাগিব । এই মন্তব্য প্ৰকাশ কৰিছে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে ।
শুকুৰবাৰে বিটিচি বিধান পৰিষদত বিটিচিৰ বৰ্ধিত চাৰি কাৰ্যবাহী সদস্যৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকি উক্ত মন্তব্য প্ৰকাশ কৰে প্ৰমোদ বড়োৱে ৷ বিটিআৰত সু-শাসনেৰে প্ৰতিটো জাতি -জনগোষ্ঠীৰ সমস্যা সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হব বুলি মন্তব্যৰে বিটিচিত জনতাৰ দৰবাৰ অনুষ্ঠিত কৰা হব বুলি ঘোষণা কৰিছে প্ৰমোদ বড়োৱে । পূৰ্বৰ চৰকাৰে মনোনিত সদস্য দিয়া নাছিল আৰু বৰ্তমানৰ চৰকাৰে অকণো বিলম্ব নকৰি ৬ জনগোষ্ঠীৰ পৰা ছজনক মনোনিত সদস্য দিয়া হ'ল বুলি মন্তব্যৰে প্ৰমোদ বড়োই প্ৰতিটো জাতি জনগোষ্ঠীয়ে সমমৰ্যদা , সমঅধিকাৰ পাব বুলি মন্তব্য কৰে ।

বিটিচিত অনুষ্ঠিত কৰা হ'ব জনতাৰ দৰবাৰঃ প্ৰমোদ বড়ো

পৰিবৰ্তনৰ কাম আৰম্ভ হৈছে আৰু ৰাইজৰ আশা-আকাংক্ষাক বাস্তৱ ৰূপ দিবৰ বাবে অহোপুৰুষাৰ্থ চেষ্ঠা কৰা হব বুলি মন্তব্য কৰি বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই সকলো নিৰ্বাচিত সদস্যৰ শপত গ্ৰহণৰ পিছতে দপ্তৰ বিতৰণ কৰা হব বুলি মন্তব্য কৰিছে ।
লগতে পঢ়ক: অসমৰ ৰাইজৰ বাবে জুবিন গাৰ্গে দিলে এটা ভাল খবৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.