কোকৰাঝাৰ, ১৯ ডিচেম্বৰ : ইউপিপিএল, বিজেপি আৰু জিএছপি নেতৃত্বাধীন বিটিআৰ পৰিষদীয় চৰকাৰত নাথ-যোগী সম্প্ৰদায়ৰ এজনো প্ৰতিনিধি মনোনীত নকৰাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ বিটিচি নাথ-যোগী যুৱ সন্মিলনীয়ে ৷
শনিবাৰে সন্মিলনীৰ সাধাৰণ সম্পাদক প্ৰমোদ চন্দ্ৰ নাথে সংবাদমাধ্যমৰ আগত কয় যে যোৱা ১৭ বছৰে বিটিচিত বসবাস কৰা নাথ-যোগী লোকসকলে বিভিন্ন ক্ষেত্ৰত বঞ্চিত হৈ আহিছে ৷ এইবেলিও ইউপিপিএল, বিজেপি আৰু জিএছপি নেতৃত্বাধীন বিটিআৰ পৰিষদীয় চৰকাৰত নাথ-যোগী সম্প্ৰদায়ৰ এজনো প্ৰতিনিধি মনোনীত নকৰাত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷
আগন্তুক দিনত পৰিষদীয় চৰকাৰে বিভিন্ন নিগম, নিকায় বোৰ্ডসমূহত নাথ-যোগী লোকক অন্তৰ্ভুক্ত কৰাৰ আহ্বান জনাইছে ৷ অন্যথা গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ দিছে সন্মিলনীৰ সাধাৰণ সম্পাদক প্ৰমোদ চন্দ্ৰ নাথে ৷
লগতে পঢ়ক : আগন্তুক নিৰ্বাচনত শিৱসাগৰ সমষ্টিত আঞ্চলিক দলৰ উমৈহতীয়া প্ৰাৰ্থী হ’ব অখিল গগৈ