ETV Bharat / state

1746 কোটি 46 লাখ 22 হাজাৰ টকাৰ বাজেট দাখিল বিটিচিৰ - BTC has submitted

প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিচি পৰিষদে দাখিল কৰিলে নিজৰ প্ৰথম খন বাজেট ৷ 39 টা বিভাগৰ বাবে 1746 কোটি 46 লাখ 22 হাজাৰ টকাৰ বাজেট দাখিল ৷

1746 কোটি 46 লাখ 22 হাজাৰ টকাৰ বাজেট দাখিল বিটিচিৰ

author img

By

Published : Jan 8, 2021, 4:10 PM IST

Updated : Jan 8, 2021, 7:03 PM IST

কোকৰাঝাৰ, 8 জানুৱাৰী: ইউপিপিএল,বিজেপি আৰু গণ সুৰক্ষা পাৰ্টী মিত্ৰজোটৰ বিটিচি পৰিষদে দাখিল কৰিলে নিজৰ প্ৰথমখন বাজেট ৷ শুকুৰবাৰে অনুষ্ঠিত বাজেট অধিৱেশনত 1746 কোটি 46 লাখ 22 হাজাৰ টকাৰ বাজেট দাখিল কৰে পৰিষদে ৷ এই অধিৱেশনতে গৃহিতও কৰা হয় এই বাজেট ৷

1746 কোটি 46 লাখ 22 হাজাৰ টকাৰ বাজেট দাখিল বিটিচিৰ
1746 কোটি 46 লাখ 22 হাজাৰ টকাৰ বাজেট দাখিল বিটিচিৰ

সৰ্বমুঠ 39 টা বিভাগৰ বাবে ধাৰ্য কৰা হৈছে বাজেটৰ এই ধনৰাশি ৷ শিক্ষা,যাতায়াত গ্ৰামোন্নয়ন আদিত অধিত গুৰুত্ব দিয়া হ’ব বুলি মন্তব্য কৰে বিটিচি প্ৰধান প্ৰমোদ বড়োৱে ৷

আনহাতে,এই বাজেট অধিৱেশনৰ সময়ত সদনত উপস্থিত নাছিল বিপিএফৰ সদস্যসকল ৷ এই সন্দৰ্ভত বিটিচি প্ৰধান প্ৰমোদ বড়োৱে কয় যে,পিকনিক আদি সকলো বাদ দি সদস্য সকল সদনলৈ অহা উচিত ৷ পূৰ্বৰ বিটিচি চৰকাৰে 2300 কোটি টকাৰ বকেয়া আদায় দিবলৈ থকা সন্দৰ্ভত বিটিচি প্ৰধান গৰাকীয়ে এয়া নতুন চৰকাৰলৈ বিপিএফৰ উপহাৰ বুলি কটাক্ষ কৰে ৷

জানিব পৰা মতে,হাগ্ৰামা মহিলাৰীৰ অধীনৰ লোক নিৰ্মাণ(গড়কাপ্তানী) বিভাগতে অনাদায় হৈ আছে 1000 কোটি টকা ৷ ইয়াৰোপৰি চি ডি বিভাগত 350 কোটি টকাৰ বকেয়া অনাদায় হৈ আছে ৷ এই সকলো খেলিমেলিৰ ওপৰত বিভাগীয় তদন্ত হ’ব আৰু ভিজিলেঞ্চ অথবা প্ৰয়োজনত চিবিআইকো তদন্তৰ দায়িত্ব অৰ্পণ কৰা হ’ব বুলি জানিবলৈ দিয়ে প্ৰমোদ বড়োৱে ৷

লগতে পঢ়কঃ মাওবাদীৰে জড়িত থকাৰ বাবেহে কাৰাবন্দী হৈছে অখিল : হিমন্ত বিশ্ব শৰ্মা

Last Updated : Jan 8, 2021, 7:03 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.