কোকৰাঝাৰ, 12 জুলাই : বিটিআৰ বিধান পৰিষদৰ বৰ্ষাকালীন অধিৱেশন মঙলবাৰে এদিনীয়া কাৰ্যসূচীৰে বিটিআৰ বিধান পৰিষদীয় ভৱনত সম্পন্ন হয় । অধিৱেশনৰ প্ৰশ্নকালীন শিতানত সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত শাসক পক্ষই আলোচনা নকৰাৰ বাবে বিৰোধী দল বিপিএফে সদন ত্যাগ কৰে ৷ বিটিআৰ বিধান পৰিষদৰ বিৰোধী দলপতি তথা বিপিএফৰ নেতা দেৰহাছাৎ বসুমতাৰীয়ে কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণ বিষয়টোৱে হ'ল বৰ্তমান সময়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় ।
বিৰোধীৰ লিখিত প্ৰশ্ন শাসকীয় পক্ষই নাকচ কৰি সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টোৰ ওপৰত কোনো আলোচনা নকৰিলে বুলি উল্লেখ কৰি সকলোতকৈ স্পৰ্শকাতৰ বিষয়টোৰ ওপৰত বিটিচিৰ সদনত আলোচনা নকৰাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে ৷ সমষ্টি পুনঃনিৰ্ধাৰণৰ বিষয়টো সদনত আলোচনা নকৰাৰ প্ৰতিবাদত বিৰোধী শিবিৰে সদন ত্যাগ কৰা বুলি মন্তব্য কৰে বিৰোধী দলপতি দেৰহাছাৎ বসুমতাৰীয়ে । ইপিনে সদন ত্যাগ বিষয়টোৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰমোদ বড়োই কয় যে বিৰোধীৰ সদন ত্যাগ দুৰ্ভাগ্যজনক ।
বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে বিটিআৰৰ বিগত 11 টা অধিৱেশনতে অনুপস্থিত আছে আৰু ইয়াৰ দ্বাৰাই ৰাইজৰ প্ৰতি তেওঁৰ দায়ৱদ্ধতা বুজি পোৱা যায় বুলি উল্লেখ কৰে বড়োৱে । প্ৰকৃততে বিৰোধীয়ে অনা সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টো কাউঞ্চিলৰ বিষয় নহয় বৰং সেয়া নিৰ্বাচন আয়োগৰ হে বিষয় বুলি উল্লেখ কৰে । তদুপৰি দৰং লোকসভা সমষ্টিৰ নাম ভৈৰৱকুণ্ড হিচাপে নামাকৰণ কৰিব লাগে বুলি অসম চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক প্ৰমোদ বড়োই আদৰণি জনাই কয় যে ভৈৰৱকুণ্ড হ'ল ঐতিহ্য বিজড়িত ঠাই, গতিকে দৰং লোকসভা সমষ্টিৰ নাম সলনি কৰি ভৈৰৱকুণ্ড ৰখা কাৰ্যক ইউপিপিএল দলে আদৰণি জনাইছে ।
লগতে পঢ়ক : TMC Leader Ripun Bora: নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাৰ কথা নুশুনে উত্তৰ-পূৰ্বাঞ্চলে; ৰিপুন বৰা