কোকৰাঝাৰ, 22 ডিচেম্বৰ: বিটিআৰ পৰিষদীয় চৰকাৰ গঠন সন্দৰ্ভত মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে অহা ২৬ ডিচেম্বৰৰ ভিতৰত আস্থা ভোট তথা শক্তি প্ৰদৰ্শনৰ বাবে গুৰুত্বপূৰ্ণ ৰায় দিয়াৰ পাচতেই তৎপৰ হৈ পৰিছে বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী তথা বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী ৷ ৰায়দানৰ পাচতেই এখন সংবাদমেল সম্বোধন কৰি বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৰাষ্ট্ৰীয় দলক বাদ দি বিটিচিৰ আঞ্চলিক ৰাজনৈতিক দল সমূহক একত্ৰিত হৈ বিটিআৰ পৰিষদীয় চৰকাৰ গঠন কৰাৰ আহ্বান জনায় ৷
মঙলবাৰে বিয়লি কোকৰাঝাৰ চহৰস্থিত বিপিএফৰ কেন্দ্ৰীয় কাৰ্যালয়ত সম্বোধিত সংবাদমেলত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কয়, "অহা ২৬ ডিচেম্বৰৰ ভিতৰত আস্থা ভোট তথা শক্তি প্ৰদৰ্শন কৰিবৰ বাবে মহামান্য ন্যায়ালয়ে নিৰ্দেশ দিছে ৷ বিটিচিৰ অস্তিত্ব আমি বৰ্তাই ৰাখিব লাগিব ৷ বহু ত্যাগ আৰু কষ্টৰ বিনিময়ত গঠন হোৱা বিটিচিৰ শাসনভাৰ আঞ্চলিক দলৰ হাতত থাকিব লাগে বুলি বিটিচিবাসী সকলো শ্ৰেণীৰ ৰাইজে বিচাৰিছে ৷ গতিকে মই আহ্বান কৰিছো বিটিচিত বিপিএফ, ইউপিপিএল, জিএছপি আৰু অগপৰ দৰে আঞ্চলিক ৰাজনৈতিক দলবোৰ একত্ৰিত হৈ চৰকাৰ গঠন কৰিব লাগে ৷" এইক্ষেত্ৰত মহিলাৰীয়ে বিজেপিসহ ৰাষ্ট্ৰীয় দলবোৰ সমালোচনা কৰি কয় যে, বিটিচিত ৰাষ্ট্ৰীয় দল সমূহে চৰকাৰ গঠন কৰিলে বিটিচিৰ কোনো অস্তিত্বই নাথাকিব ৷
বিটিচি প্ৰধান কোন হ'ব বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, হাগ্ৰামাা মহিলাৰীয়েই বিটিচিৰ চীফ নতুবা ডেপুটি চীফ হ'ব লাগিব বুলি কোনো কথা নাই ৷ মুঠতে আঞ্চলিক দলৰে চৰকাৰ হ'ব লাগিব ৷ অন্যথা ৰাষ্ট্ৰীয় দলৰ আগ্ৰাসনে আমাক নিশেষ কৰিব বুলিও মন্তব্য কৰে বিপিএফ নেতাগৰাকীয়ে ৷ আনহাতে হাগ্ৰামা মহিলাৰীৰ নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰ সন্দৰ্ভত সাংবাদিকে প্ৰতিক্ৰিয়া জানিব বিচৰাত মহিলাৰীয়ে কয় যে, কোনো ধৰণৰ আগতীয়া জাননী প্ৰদান নকৰাকৈয়ে তেওঁৰ নিৰাপত্তাৰক্ষী আৰু হাউছ গাৰ্ড হঠাৎ হ্ৰাস কৰি দিয়া হৈছিল ৷ যাৰ ফলত তেওঁ নিজেই কোনোধৰণৰ নিৰাপত্তাৰক্ষী নালাগে বুলি বিটিচিৰ আইজিপিলৈ পত্ৰ প্ৰেৰণ কৰিছিল ৷
ইপিনে মঙলবাৰে কেবিনেট মন্ত্ৰী পৰ্যায়ৰ নিৰাপত্তা প্ৰদান কৰা হ'ব বুলি বিটিচিৰ আইজিপি কাৰ্যালযৰ পৰা অৱগত কৰা হৈছে যদিও, সেই প্ৰস্তাৱো মহিলাৰীয়ে প্ৰত্যাখ্যান কৰিছে ৷ এই ক্ষেত্ৰত মহিলাৰীয়ে কয় যে, তেওঁ কোনো কেবিনেট ৰেমক বা অন্য একো বুজি নাপায় ৷ মুঠতে পূৰ্বতে তেওঁ যেনে ধৰণে আছিল এতিয়া সেই একেই সুবিধা তেওঁক লাগিব ৷ অৰ্থাৎ তেওঁৰ নিৰাপত্তাৰক্ষী পূৰ্বৰ দৰেই বাহাল থাকিব লাগিব ৷ নহ'লে তেওঁক কোনো নিৰাপত্তাৰক্ষী নালাগে বুলিও স্পষ্ট কৰি দিয়ে হাগ্ৰামা মহিলাৰীয়ে ৷ উল্লেখ্য যে, মঙলবাৰে অনুষ্ঠিত সংবাদমেল খনত বিটিচিৰ প্ৰাক্তন উপমুখ্য কাৰ্যবাহী খাম্ফা বৰগয়াৰী, বিপিএফৰ দুই নিৰ্বাচিত এমচিএলএ ক্ৰমে দেৰহাছাৎ বসুমতাৰী আৰু দনেশ্বৰ গয়াৰী উপস্থিত থাকেও উপস্থিত থাকে ৷
লগতে পঢ়ক: সংখ্যাগৰিষ্ঠ দলে প্ৰথমে সুযোগ পাব বিটিএডিত চৰকাৰ গঠনৰ: ন্যায়ালয়