ETV Bharat / state

BPF Rally in Kokrajhar: প্ৰমোদ বড়োৰ জুমুঠি জ্বলাই এবছুৱে কি পাব ? হাগ্ৰামাৰ প্ৰশ্ন

কোকৰাঝাৰত বিপিএফৰ বিশাল পদযাত্ৰা-জনজাগৰণ সভা ৷ শ্ৰীৰামপুৰ গেটত দৈনিক ৩০-৪০ লাখ টকাৰ ছিণ্ডিকেট চলে আৰু ইয়াৰ ধন প্ৰমোদ বড়োৱে লোৱাৰ সন্দেহ প্ৰকাশ হাগ্ৰামা মহিলাৰীৰ (Hagrama Mohilary)। এবছুৰ নেতৃত্বক সমালোচনা হাগ্ৰামাৰ ।

author img

By

Published : Apr 8, 2023, 10:25 PM IST

Updated : Apr 8, 2023, 10:32 PM IST

BPF Rally in Kokrajhar
কোকৰাঝাৰত বিপিএফৰ বিশাল পদযাত্ৰা

কোকৰাঝাৰ ৮ এপ্ৰিল : কোকৰাঝাৰত শনিবাৰে বিপিএফে এক পদযাত্ৰা উলিয়াই (BPF Rally in Kokrajhar)। বিপিএফৰ মুখ্য কাৰ্যালয়ৰ পৰা সদৰ চহৰেৰে ডিএন হিম্মৎসিংকা হাইস্কুলৰ খেলপথাৰলৈ এই পদযাত্ৰা উলিয়াই পদযাত্ৰাৰ অন্তত এক জনজাগৰণ সভা অনুষ্ঠিত কৰে । পদযাত্ৰাত বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰী, প্ৰাক্তন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম, বিটিআৰৰ প্ৰাক্তন উপমুখ্য কাৰ্যবাহী তথা বিপিএফৰ উপ সভাপতি খাম্পা বৰগয়াৰী, জ্যেষ্ঠ নেতা দেৰহাছাৎ বসুমতাৰী আদিকে ধৰি বহু সংখ্যক নেতাই অংশগ্ৰহণ কৰে ।

উল্লেখ্য যে, পদযাত্ৰাৰ অন্তত ডিএন হিম্মৎসিংকা হাইস্কুলৰ খেলপথাৰত অনুষ্ঠিত জনজাগৰণ সভাতএ হাগ্ৰামা মহিলাৰীক আজি ব্যতিক্ৰমী ৰূপক দেখা যায় । মঞ্চৰ পৰা হাগ্ৰামা মহিলাৰী সভাথলীলৈ নামি আহি জনতাৰ স'তে একাত্ম হৈ পৰে (BPF Meeting in Kokrajhar) । সাধাৰণ জনতা হাগ্ৰামা মহিলাৰীৰ স'তে চেল্ফী উঠিবলৈ হেতাওপৰা লগায় । ইয়াৰ মাজতে নিজ ভাষণত হাগ্ৰামা মহিলাৰীয়ে কয় যে, তেওঁলোক শাসনলৈ আহিলেই চহৰত বৰ্ধিত কৰ এক মিনিটত প্ৰত্য়াহাৰ কৰিব । কোকৰাঝাৰ আৰএনবি হস্পিতাল পূৰ্বৰ মৰ্যদাৰে ৰখা হ'ব আৰু উচ্ছেদ কৰিলে পুনৰ সংস্থাপন কৰা হ'ব বুলি কয় ।

তেওঁ পুনৰ কয় যে, শ্ৰীৰামপুৰ গেটত দৈনিক ৩০-৪০ লাখ টকাৰ ছিণ্ডিকেট চলে (Hagrama Mohilary criticised Pramod Boro)। চিণ্ডিকেটৰ ধন কোনে লয় বুলি সাংবাদিকে সোধা এক প্ৰশ্নোত্তোৰত উক্ত ধন প্ৰমোদ বড়োৱে লোৱাৰ সন্দেহ প্ৰকাশ কৰে । বিজেপিৰ সৈতে কোনো গোপন মিত্ৰতা হোৱা নাই বুলি প্ৰকাশ কৰি আগন্তুক লোকসভা নিৰ্বাচনত কোনো দলৰে বিপিএফে মিত্ৰতা নকৰে বুলি স্পষ্ট কৰি দিয়ে । হাগ্ৰামা মহিলাৰীয়ে কোকৰাঝাৰ আৰু মঙলদৈ লোকসভা সমষ্টিত বিপিএফ বিজয়ী হ'ব বুলি মত প্ৰকাশ কৰি কয় যে, এবছুৰ কোনো কাম নাই । তেওঁৰ জুমুঠি জ্বলাই এবছুৱে কি পাব বুলি প্ৰশ্ন কৰে ।

সভাত প্ৰাক্তন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই বিটিআৰৰ মুখ্য় কাৰ্যবাহী সদস্য় প্ৰমোদ বড়ো আৰু বিটিআৰৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'ক কঠোৰ সমালোচনা কৰে । বিপিএফৰ সভা-সমিতিত ৰাইজক অংশগ্ৰহণ নকৰিবলৈ বিটিআৰৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'ই ঘৰে ঘৰে গৈ ভাবুকি দিয়াৰ কথা উল্লেখ কৰি প্ৰমিলা ৰাণী ব্ৰহ্মই ৰাইজক ভয় নকৰিবলৈ আহ্বান জনায় । প্ৰমোদ বড়ো চৰকাৰ আৰু মাত্ৰ দুবছৰহে আছে বুলি উল্লেখ কৰি প্ৰমিলা ৰাণী ব্ৰহ্মই হাগ্ৰামা মহিলাৰীৰ প্ৰতি আস্থা দেখুওৱা সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে ।

ইপিনে, বিপিএফৰ উপ সভাপতি খাম্পা বৰগয়াৰী ইউপিপিএলক কঠোৰ সমালোচনা কৰে । ইউপিপিএলে একো উন্নতি কৰা নাই বুলি মন্তব্য় কৰি তেওঁ কয় যে, বিপিএফে মানৱ সম্পদ, আন্তঃগাঁথনি উন্নয়ন আদিকে ধৰি সকলোধৰণৰ উন্নয়ন কৰিছিল । দেশত ভাষাক লৈ, ধৰ্মক লৈ গণ্ডোগোল হৈছে বুলি মন্তব্য় কৰি বিপিএফ দলে একমাত্ৰ দল যিয়ে সকলোকে সমভাৱাপন্ন দৃষ্টিৰে চায় বুলি খাম্পা বৰগয়াৰীয়ে কয় তেওঁ শোষণ কৰি শাসন কৰাৰ বিৰোধিতা কৰে । লোকসভা আৰু বিধানসভাত নিৰ্বাচনত বিপিএফৰ প্ৰাৰ্থীক জয়ী কৰিবলৈ আহ্বান জনাই পুনৰ হাগ্ৰামা মহিলাৰী শাসনলৈ উভতি আহিব বুলি দৃঢ়তাৰে ঘোষণা কৰে ।

লগতে পঢ়ক:BPF Rally in Kajalgoan: শ্ৰীৰামপুৰ গেটত প্ৰমোদ বড়োৱে চলাইছে ছিণ্ডিকেট; হাগ্ৰামা

Last Updated : Apr 8, 2023, 10:32 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.