ETV Bharat / state

প্ৰমোদ বড়োৰ ট্ৰেক্টৰত ডিজেল শেষ হৈছে : হাগ্ৰামা - BPF slams UPPL in Udalguri

BPF joining programme at Aurangajuli Tea Estate: ওদালগুৰি জিলাৰ ঔৰঙ্গাজুলি চাহ বাগিচাত বিপিএফৰ বিশাল যোগদান কাৰ্যসূচী । ইউপিপিএল আৰু বিজেপিৰ দলীয় নেতা-কৰ্মীৰ পুনৰ বিপিএফত যোগদান । বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত দুই হাজাৰৰো অধিক লোকে বিপিএফত যোগদান কৰে ।

BPF chief Hagrama Mohilary
বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰী
author img

By ETV Bharat Assamese Team

Published : Dec 18, 2023, 1:19 PM IST

বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰী

ওদালগুৰি, ১৭ ডিচেম্বৰ: লোকসভা নিৰ্বাচনৰ পূৰ্বে বিটিচিত এতিয়া বিপিএফৰ ৰণশিঙা । লোকসভা নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত ননৈ চেৰফাং পৰিষদীয় সমষ্টিৰ ঔৰঙ্গাজুলিতে দুই হাজাৰৰো অধিক লোকে বিপিএফত যোগদান কৰে । লোকসভা নিৰ্বাচনলৈ কেইটামান মাহ থাকোতেই বিপিএফে আৰম্ভ কৰিছে প্ৰচাৰ অভিযান । দেওবাৰে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত ওদালগুৰি জিলাৰ ৩৩ নং ননৈ চেৰফাং পৰিষদীয় পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ঔৰঙ্গাজুলি চাহ বাগিছাত অনুষ্ঠিত হয় বিপিএফৰ এক যোগদান কাৰ্যসূচী ।

বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে ইউপিপিএলক সমালোচনা কৰি কয়,"প্ৰমোদ বড়োক মই কেইবাবাৰো কৈছো ট্ৰেক্টৰক ট্ৰেক্টৰৰ দৰে চলাব লাগে, কিন্তু প্ৰমোদ বড়োৱে ট্ৰেক্টৰকে মাৰুতী কাৰ বুলি চলাইছে । বিটিচিত মাটিৰ পাট্টা দিব নোৱাৰা প্ৰমোদ বড়োৱে কেৱল উচ্ছেদহে কৰিব পাৰে ।" সেয়েহে প্ৰমোদ বড়ো হাটাও বিটিচি বাচাও কৰিব লাগে বুলি তেওঁ মন্তব্য় কৰে ।

বিটিচিৰ প্ৰাক্তন ইএম লৌমশ্ৰাও দৈমাৰীয়ে সঞ্চালন কৰা সভাখনত উদ্বোধনী কৰে প্ৰাক্তন বিধায়িকা কমলী ৰাণী বসুমতাৰীয়ে। বিপিএফৰ মুৰব্বীগৰাকীয়ে পুনৰ কয় যে বিটিচি নিৰ্বাচনৰ পূৰ্বে প্ৰমোদ বড়োৱে ১৫ দিনৰ ভিতৰত ঘৰে-ঘৰে চাকৰি দিম বুলি শাসনৰ গাদী দখল কৰিছিল । বিটিচিত প্ৰমোদ বড়োৰ শাসনাধিষ্ঠ চৰকাৰে প্ৰায় তিনিটা বছৰ অতিক্ৰম কৰিলে যদিও আজিলৈকে কোনো এটা জনগোষ্ঠীৰ নিবনুৱাক চাকৰিৰ ব্যৱস্থা কৰিব নোৱাৰিলে । আনহাতে, বিটিচিত থকা আত্মসহায়ক গোটৰ মহিলাসকলক ৭৫ হাজাৰ টকাকৈ দিম বুলি প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰিলে। যাৰ বাবে এতিয়া বিটিচিবাসীয়ে প্ৰমোদ বড়োৰ চৰকাৰৰ ওপৰত আস্থা হেৰুৱাই পেলাইছে । তেওঁ কয়,"প্ৰমোদ বড়োৰ ট্ৰেক্টৰত ডিজেল শেষ হৈছে । এতিয়া বিটিচি বাসীয়ে ইউপিপিএল চৰকাৰৰ ওপৰত আশা-ভৰসা হেৰুৱাই পেলাইছে ।

এই সভাত ইউপিপিএল, বিজেপি, কংগ্ৰেছকে আদি কৰি বিভিন্ন দলৰ নেতা-কৰ্মীৰ লগতে দল-সংগঠনৰ দুই হাজাৰৰো অধিক নেতা কৰ্মীয়ে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত বিপিএফৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ যোগদান কৰে । উক্ত সভাত হাগ্ৰামা মহিলাৰীয়ে আগন্তুক নিৰ্বাচনত বিপিএফ পুনৰ শাসনলৈ অহাতো নিশ্চিত বুলি দাবী কৰি কয় যে বিটিচিত প্ৰমোদ বড়োৱে নিজৰ কথামতে কাম কৰিব নোৱাৰাৰ বাবেই প্ৰতিদিনে বিজেপি, ইউপিপিএলৰ পৰা ওলাই আহিছে দলীয় কৰ্মী ।

এই যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি কলাইগাঁও বিধানসভাৰ বিধায়ক দূৰ্গা দাস বড়ো আৰু প্ৰাক্তন মন্ত্ৰী ৰীহন দৈমাৰীয়ে প্ৰমোদ বড়োক সমালোচনা কৰে । তেওঁলোকে কয় যে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে টকাৰে বিটিচিৰ ৰাইজক কিনিব বিচাৰিছে । আপোনালোকক উন্নয়ন লাগে নে টকা লাগে ? ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ। ইয়াত সকলোৰে মাত মতাৰ অধিকাৰ আছে । প্ৰমোদ বড়োৱে অন্যায়ভাৱে বিটিচি দখল কৰিছে । ১০-১৫ বছৰে এবছুৰ পৰা "ডিভাইদ আছাম ফিফটি-ফিফটি" বুলি চিঞৰি ওলাই আহি ৰাজনীতি কৰিছে । বিটিচিত বৰ্তমান বিজেপীয়ে প্ৰমোদ বড়োৰ পৰা সকলো অধিকাৰ কাঢ়ি লৈছে, যাৰ বাবে এতিয়া বিটিচিত প্ৰমোদ বড়োৰ চৰকাৰ থকাৰ পিছতো বিজেপিৰ বাঘা-বাঘা মন্ত্ৰী বিধায়ক তথা নেতাক অভিভাৱক হিচাপে পঠিয়াইছে ।

যোগদান সভাত যোগদান কৰা দুই সহস্ৰাধিক লোকক আদৰণি জনায় বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷ যোগদান কাৰ্যসূচীত উপস্থিত থাকে প্ৰাক্তন বিধায়ক মহেশ্বৰ বড়ো, বিপিএফ নেতা মহেশ্বৰ বড়ো, প্ৰাক্তন এমচিএলএ জগদীশ সৰকাৰ, প্ৰাক্তন এমচিএলএ সুৰেশ তাঁতী, প্ৰাক্তন উপাধ্যক্ষ নেৰশ্বন বড়ো, ননৈ চেৰফাং পৰিষদীয় সমষ্টিৰ ব্লক বিপিএফৰ সভাপতি ৰঞ্জিত ডেকাকে আদি কৰি বহুকেইগৰাকী বিপিএফ নেতা কৰ্মী আদি ।

লগতে পঢ়ক:ড৹ হীৰেন গোহাঁইৰ মন্তব্যক ভিত্তিহীন আখ্যা আছুৰ সভাপতি উৎপল শৰ্মাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.