ETV Bharat / state

বিপিএফ দলত খহনীয়া !

ইমানুৱেল মুছাহাৰীৰ পিছতেই অসম ফুটবল সন্থাৰ সাধাৰণ সম্পাদক তথা বিপিএফৰ জেষ্ঠ নেতা প্ৰাক্তন বিধায়ক হেমেন্দ্ৰ নাথ ব্ৰহ্মৰ বিপিএফ দল ত্যাগ । বড়োভূমিৰ ৰাজনীতিত ধুমুহাৰ সূচনা ।

author img

By

Published : Jun 8, 2020, 8:25 PM IST

BPF Ex MLA Hemendra Nath Brahma Joining UPPL

কোকৰাঝাৰ, 8 জুনঃ বিটিচি নিৰ্বাচনৰ আগমূৰ্হতত বিটিএডিত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলত আৰম্ভ হৈছে এটাৰ পিছত এটা দলীয় স্খলন ৷ লক্ষ্যণীয় ভাৱে, বিপিএফ দলৰ সাধাৰণ সম্পাদক তথা বিধায়ক ইমানুৱেল মুছাহাৰীয়ে দেওবাৰে বিপিএফ ত্যাগ কৰাৰ পিছতেই সোমবাৰে তাৎপৰ্যপূৰ্ণভাৱে বিপিএফ দলৰ জেষ্ঠ নেতা,প্ৰাক্তন বিধায়ক তথা অসম ফুটবল সন্থাৰ সাধাৰণ সম্পাদক হেমেন্দ্ৰ নাথ ব্ৰহ্মই বিপিএফ দল ত্যাগ কৰি বিৰোধী ইউপিপিএল দলত আনুষ্ঠানিকভাৱে যোগদান কৰাৰ খবৰে এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

কোকৰাঝাৰ চহৰৰ হাতিমাথাস্থিত ইউপিপিএলৰ মুখ্য কাৰ্যালয়ত সোমবাৰে ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো আৰু উপদেষ্টা তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ উৰ্খাও গৌৰা ব্ৰহ্মৰ উপস্থিতিত বিপিএফ দলৰ পি এম বিৰ সদস্য হেমেন্দ্ৰ নাথ ব্ৰহ্মই প্ৰায় শতাধিক সমৰ্থকক লৈ আনুষ্ঠানিকভাৱে ইউপিপিএল দলত যোগদান কৰে ।

বিপিএফ দলত খহনীয়া !
ইউপিপিএল দলত যোগদান হেমেন্দ্ৰ নাথ ব্ৰহ্ম

লক্ষ্যণীয় যে,বড়োভূমিৰ ৰাজনীতিক লৈ যি সময়ত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীক সতীৰ্থ নেতাসকলৰ সমৰ্থন সহায় সহযোগিতাৰ নিতান্তই প্ৰয়োজনীয় আছিল সেই সময়তে কিন্তু মহিলাৰীক নিঃসংগ কৰি বিপিএফ দলৰ পৰা এজনৰ পিছত এজনকৈ দল ত্যাগ কৰা কাৰ্যই বড়োভূমিৰ ৰাজনৈতিক প্ৰেক্ষাপটত এক ধুমুহাৰ সৃষ্টি কৰিছে ।

ইফালে ইউপিপিএল দলত আনুষ্ঠানিকভাৱে যোগদান কৰি বিপিএফৰ জেষ্ঠ নেতা,প্ৰাক্তন বিধায়ক তথা অসম ফুটবল সন্থাৰ সাধাৰণ সম্পাদক হেমেন্দ্ৰ নাথ ব্ৰহ্মই সংবাদ মাধ্যমৰ আগত কয়, কাকো বেয়া পাই মই দল ত্যাগ কৰা নাই । কিন্তু বিপিএফ দলৰ পৰা যি হাৰত ৰাষ্ট্ৰীয় দললৈ যোৱাৰ ধুম উঠিছে তেনে ক্ষেত্ৰত পৰিৱৰ্তনৰ বতাহ বিচাৰিয়ে স্ব-ইচ্ছাই এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি মন্তব্য কৰে ।

আনহাতে ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োই হেমেন্দ্ৰ নাথ ব্ৰহ্মই বিপিএফ ত্যাগ কৰি ইউপিপিএলত যোগদান দিয়াটো এটা যোগাত্মক দিশ বুলি মন্তব্য কৰি সমাজৰ বাবে ভাল চিন্তা কৰিব খোজা মানুহবোৰ হয়তো আৰু বিপিএফ দলত নাথাকিব বুলি কটাক্ষ কৰে । লগতে কয় বিগত 17 টা বছৰে বিপিএফৰ শাসনে কোনো জনগোষ্ঠীকে সুখী কৰি তুলিব পৰা নাই আৰু হয়তো বিপিএফ দল গণতান্ত্ৰিক মতাদৰ্শৰে পৰিচালিত হোৱা নাই বুলি এক বিস্ফোৰক মন্তব্যও আগবঢ়ায় ।

বিগত 17 বছৰে দাদাগিৰিৰে চলা বিপিএফ দলে এতিয়াও কিছু কিছু অঞ্চলত ভীতি প্ৰদৰ্শন কৰি ৰাইজক নিজৰ পক্ষলৈ নিব বিচাৰিছে যদিও এইবেলি পৰিৱৰ্তন নিশ্চিত আৰু ইউপিপিএল দলেই চৰকাৰ গঠন কৰিব বুলি দাবী কৰে প্ৰমোদ বড়োৱে।

লগতে অবাধ দুৰ্নীতিৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি দাবী উত্থাপন কৰি প্ৰমোদ বড়োই জীৱনতকৈ নিৰ্বাচন ডাঙৰ নহয় যদিও জনতাক সুৰক্ষিত কৰি ৰাখি যদিহে নিৰ্বাচন পতাৰ উপায় চৰকাৰৰ হাতত আছে তেনেহ'লে নিৰ্বাচন পতাত ইউপিপিএলৰ কোনো আপত্তি নাই বুলি মত পোষণ কৰে ।

লগতে চাওকঃ মঙলদৈত এগৰাকীৰ দেহত কৰ’ণা ভাইৰাছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.