ETV Bharat / state

হাগ্ৰামাই আকৌ চিনি নাপাওঁ বুলি ক’লে চন্দন ব্ৰহ্মক

author img

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 9:24 PM IST

চন্দন ব্ৰহ্মৰ নাম শুনিলেই যেন অস্বস্তি পোৱা হৈছে হাগ্ৰামা মহিলাৰীয়ে ৷ বুধবাৰে কোকৰাঝাৰত সাংবাদিকৰ আগত তেওঁ কয় যে কোন চন্দন ব্ৰহ্ম তেওঁ চিনি নাপায় আৰু এই বিষয়ে তেওঁক সুধি থাকিব নালাগে ৷

BPF chief Hagrama Mohilary
Hagrama Mohilary slams BTC chief
হাগ্ৰামাই আকৌ চিনি নাপাওঁ বুলি ক’লে চন্দন ব্ৰহ্মক

কোকৰাঝাৰ, 29 নৱেম্বৰ: আকৌ এবাৰ ৰাজহুৱাকৈ একালৰ সতীৰ্থ চন্দন ব্ৰহ্মক চিনি নাপাওঁ বুলি ক’লে বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে ৷ কেইমাহমান পূৰ্বে এখন দলীয় সভাত সাংবাদিকে হাগ্ৰামাক প্ৰশ্ন কৰিছিল যে চন্দন ব্ৰহ্ম পুনৰ বিপিএফলৈ ঘূৰি আহিব নেকি ? তেতিয়া হাগ্ৰামাই মন্তব্য কৰিছিল যে, কোন চন্দন ব্ৰহ্ম তেওঁ চিনি নাপায় ৷ পুনৰ বুধবাৰে কোকৰাঝাৰত একে কথাকেই দোহাৰিলে বিপিএফৰ মুৰব্বীগৰাকীয়ে ৷

অতি শেহতীয়াভাৱে ৰাজ্যৰ ৰাজনীতিত চৰ্চা চলিছে যে অচিৰে ইউ পি পি এলত যোগ দিব চন্দন ব্ৰহ্মই ৷ কেৱল ইউ পি পি এলত যোগ দিয়াই নহয়, কোকৰাঝাৰ সমষ্টিত তেওঁ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী হ’ব বুলিও বাতৰি ওলাইছে ৷ এই বিষয়ে সোধাত হাগ্ৰামাই কয়, ‘‘কোন মই চিনি নাপাওঁ ৷ ইয়াৰ কথা মোক নুশুধিব ৷’’

উল্লেখ্য যে চন্দন ব্ৰহ্ম আছিল এসময়ৰ বিপিএফৰ শক্তিশালী নেতা ৷ 2006 চনৰ পৰা তিনিবাৰকৈ তেওঁ চিডলী সমষ্টি বিপিএফ বিধায়ক নিৰ্বাচিত হৈছিল আৰু 2011 আৰু 2016 চনত মন্ত্ৰী হিচাপেও কাৰ্যনিবাহ কৰিছিল ৷ কিন্তু 2021 চনত পৰাজয়ৰ পিচত তেওঁ বিপিএফ ত্যাগ কৰে ৷ তাৰ পিচৰ পৰাই হাগ্ৰামাই বাৰে বাৰে তেওঁক চিনি নাপায় বুলি কৈ আহিছে ৷

লোকসভা নিৰ্বাচনৰ সময় চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ মাজত দেখা গৈছে ব্যাপক তৎপৰতা ৷ বড়োভূমিতো ৰাজনীতিৰ বতাহ বাৰুকৈয়ে বলিছে ৷ দল বাগৰি ইটো দলৰ পৰা সিটো দললৈ ঢাপলি মেলিছে বহু লোকে ৷ বুধবাৰে কোকৰাঝাৰ জিলাৰ তিতাগুৰীত অনুষ্ঠিত হয় বিপিএফৰ এখন যোগদান সভা ৷ এই সভাত বিজেপিৰ 162 গৰাকী আৰু ইউ পি পি এলৰ 123 গৰাকী সদস্যই আনুষ্ঠানিকভাৱে যোগ দিয়ে বিপিএফত ৷

উক্ত যোগদান সভাত উপস্থিত আছিল বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী ৷ তেওঁ সাংবাদিকক কয় যে ৰাজ্য আৰু কেন্দ্ৰত বিজেপি চৰকাৰ থকাৰ পিচত কিয় মানুহে বিপিএফক পছন্দ কৰিছে তেওঁ বুজিব পৰা নাই ৷ বিটিআৰত ইউ পি পি এল চৰকাৰৰ প্ৰতি মানুহৰ মোহভংগ হোৱাৰ বাবেই বিপিএফক আঁকোৱালি লোৱা বুলি তেওঁ মন্তব্য কৰে ৷ হাগ্ৰামাই লগতে কয় যে প্ৰমোদ বড়োৰ বিটিচি চলোৱাৰ যোগ্যতা নাই ৷

ইউ পি পি এলক আক্ৰমণৰ লক্ষ্য কৰি হাগ্ৰামাই পুনৰ কয় যে প্ৰমোদ বড়োৰ ইউ পি পি এল দলে বিজেপিৰ পৰা সুবিধা আদায় কৰিব পৰা নাই ৷ বিটিচিৰ ল’ৰা-ছোৱালীক চাকৰি দিয়াত ব্যৰ্থ হৈছে প্ৰমোদ বড়ো ৷ চাকৰি দিয়াৰ ক্ষমতা দিছপুৰক গতাই দিয়া বুলিও কটাক্ষ কৰে হাগ্ৰামাই ৷ যোগদান কাৰ্যসূচীত বিটিআৰ বিধান পৰিষদৰ বিৰোধী দলপতি তথা বিপিএফৰ কোকৰাঝাৰ জিলা সভাপতি দেৰহাছাৎ বসুমতাৰী, এমচিএলএ প্ৰকাশ বসুমতাৰী, প্ৰাক্তন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মকে ধৰি বিপিএফৰ কেইবাগৰাকীও নেতা উপস্থিত আছিল ৷

লগতে পঢ়ক: বিপিএফক ৰুধিবলৈ চন্দন ব্ৰহ্মক আমদানি কৰিব নেকি বিজেপি মিত্ৰজোঁটে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.