মুছলপুৰ, 8 এপ্ৰীল : সোমবাৰে মুছলপুৰত কোকৰাঝাৰ লোকসভা সমষ্টিৰ বি পি এফ দলৰ প্ৰাৰ্থী প্ৰমীলা ৰানী ব্ৰহ্মই নিৰ্বাচনী কাৰ্যালয় উদ্ধোধন কৰে ৷ উদ্ধোধনী অনুস্থানত উপস্থিত থাকি প্ৰাৰ্থী গৰাকীয়ে কয় যে বি পি এফ দল জয়ী হোৱাটো নিশ্চিত আৰু সেইবাবে বি পি এফ পেৰাৰ্থী গৰাকীয়ে নিজৰ নিৰ্বাচনী প্ৰচাৰ অন্যান্য দল বোৰতকৈ পলমকৈ আৰম্ভ কৰিছে ৷ বি পি এফ দলত বড়ো সকলৰ উপৰিও বিভিন্ন জনগোষ্ঠীৰ লোক জড়িত হৈ আছে। এ আই ইউ ডি এফৰ ইউ পি এলৰ লগত মিত্ৰতা সম্পৰ্কত প্ৰমীলা ৰানী ব্ৰহ্মই কয় যে ইউ পি পি এলয়ে উপায় নাপায় এ আই ইউ ডি এফ ৰ লগত মিত্ৰতা স্থাপন কৰিছে।
কাৰ্যালয় উদ্বোধনী অনুষ্ঠানত ছাপাগুৰি সমষ্টিৰ বিধায়ক থানেশ্বৰ বসুমতাৰী, ই এম অনচুমৈ খুংগুৰ বড়ো, প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীও উপস্থিত থাকে ৷