গোলকগঞ্জ, 18 জুলাইঃ গোলকগঞ্জ থানাৰ অন্তৰ্গত মটেলঝাৰত বৃহস্পতিবাৰে দুপৰীয়া সংঘটিত এক হৃদয় বিদাৰক ঘটনা ৷ মটেৰঝাৰৰ সমীপত থকা গদাধৰ নদীৰ ওপৰত থকা ৰে'লৰ দলঙৰ পৰা এগৰাকী অচিনাক্ত যুৱকে আত্মহত্যা কৰিবলৈ গৈ নদীত জাপ দিয়ে ৷ কিন্তু আত্মহত্যা কৰিবলৈ গৈ পানীত জপিওৱাৰ পিচতে প্ৰাণৰ মমতাত যুৱকজনে চিঞৰিবলৈ আৰম্ভ কৰে ৷
নিজৰ জীৱন ভিক্ষা মাগি আৰ্তনাদ কৰা যুৱকজনক কিন্ত বচাবলৈ নগ'ল এজনো লোক ৷ বৰংশ পাৰৰ কাষত থকা একাংশই সামান্যতম চেষ্টা নকৰি ওলোটা অশ্লীল ভাষাত তুচ্ছ তাচ্ছিল্য কৰা পৰিলক্ষিত হয় ৷ ম'বাইল ফোনত বন্দী হয় সমগ্ৰ দৃশ্য ৷ দূৰৈৰ পৰা এগৰাকী নাৱৰীয়াই সকলো প্ৰত্যক্ষ কৰি বচাবলৈ আগবাঢ়ি আহে যদিও ইতিমধ্যে নিৰুদ্দেশ হয় যুৱকজন ৷
আনহাতে, গোলকগঞ্জ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ এচডিআৰএফ বাহিনীৰ সহযোগত উদ্ধাৰ অভিযান আৰম্ভ কৰে যদিও এই পৰ্যন্ত সফল হোৱা নাই |