ETV Bharat / state

হাগ্ৰামাৰ বেহুত বিজেপিৰ নিৰ্বাচনী ৰণডংকা

বিটিচিত বিগত 15 বছৰৰ অপশাসনৰ অন্ত পৰিব বুলি দাবী কৰি হাগ্ৰামাৰ নেতৃত্বত বিপিএফে চাৰিখন আসনতে সীমিত থাকিব লাগিব বুলি সাংবাদিকৰ আগত সদম্ভে দাবী কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

author img

By

Published : Nov 14, 2020, 8:37 AM IST

হাগ্ৰামাৰ বেহুত বিজেপিৰ নিৰ্বাচনী ৰণডংকা
হাগ্ৰামাৰ বেহুত বিজেপিৰ নিৰ্বাচনী ৰণডংকা

কোকৰাঝাৰ, 14 নৱেম্বৰ : বিটিচিৰ নিৰ্বাচনক লৈ তৎপৰ ৰাজ্যিক বিজেপি ৷ হাগ্ৰামাৰ বেহুত মক্ষম আঘাত হানি কোকৰাঝাৰ জিলাৰ চালাকাটি আৰু ফকিৰাগ্ৰামত বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত ৰাজ্যৰ বিত্ত তথা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ সমাগত বিটিচি নিৰ্বাচনত বিজেপি দলৰ ৰণডংকা বজাই পৰিষদ দখলৰ নিশ্চয়তা প্ৰকাশ কৰে ৷

বিটিচিত হাগ্ৰামাই চাৰিখন আসন পাবঃ হিমন্ত বিশ্ব শৰ্মা

বিটিচিত বিগত 15 বছৰৰ অপশাসনৰ অন্ত পৰিব বুলি দাবী কৰি হাগ্ৰামাৰ নেতৃত্বত বিপিএফে চাৰিখন আসনতে সীমিত থাকিব লাগিব বুলি সাংবাদিকৰ আগত সদম্ভে দাবী কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ বিটিচিৰ উন্নয়নৰ নামত কেন্দ্ৰ তথা ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ আৱন্টিত ধনৰ সদ-ব্যৱহাৰ হ'লে বিটিচিৰ বহু উন্নয়ন হ’লহেতেন বুলি কয় ৷ বিটিআৰ চুক্তিত হাগ্ৰামা মহিলাৰীয়ে নিজে স্বাক্ষৰ কৰিও এই চুক্তি ৰূপায়ণ নহয় বুলি কেনেকৈ ক'ব পাৰে বুলি প্ৰশ্ন উত্থাপন কৰে শৰ্মাই ৷ হাগ্ৰামা মহিলাৰীৰ দমনমূলক নীতি আৰু বিটিচিত নচলিব বুলি ঘোষণা কৰে মন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়ক : পাকিস্তানৰ যুদ্ধবিৰতি উলংঘনঃ শ্বহীদ অসমৰ বীৰ জোৱান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.