ETV Bharat / state

বি পি এফলৈ ঘূৰি যোৱাৰ প্ৰশ্নই নুঠে: ৰেওৰেৱা নাৰ্জিহাৰী - Upcoming Election

বিজেপিৰ কাৰ্যবাহী সদস্য ৰেওৰেৱা নাৰ্জিহাৰীৰ বিস্ফোৰক মন্তব্য ৷ ‘‘মই কুকুৰ নহয় পুনৰ বি পি এফত যোগদান কৰিবলৈ ৷ প্ৰধানমন্ত্ৰী মোদী আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে দেশৰ শান্তি আৰু উন্নয়নৰ হকে কাম কৰি আছে তেনে সময়ত মই বি পি এফলৈ ঘূৰি যোৱাৰ প্ৰশ্নই নুঠে ৷ ’’ এই মন্তব্য নাৰ্জিহাৰীৰ ৷

BJP Leader Slams BTC Leader Hagrama Mohilary
বি পি এফলৈ ঘূৰি যোৱাৰ প্ৰশ্নই নুঠে
author img

By ETV Bharat Assamese Team

Published : Dec 7, 2023, 2:46 PM IST

বি পি এফলৈ ঘূৰি যোৱাৰ প্ৰশ্নই নুঠে

কোকৰাঝাৰ ৭ ডিচেম্বৰ : সমাগত লোকসভা নিৰ্বাচন ৷ তাৰ পূৰ্বে দল ত্যাগ আৰু যোগদানৰ প্ৰসংগৰে বি টি আৰৰ ৰাজনীতি গৰম হৈ পৰিছে ৷ বিশেষকৈ বিজেপিৰ নেতা ইমানুৱেল মুছাহাৰীয়ে পুনৰ বি পি এফত যোগদান কৰাৰ পাচত ৰেওৰেৱা নাৰ্জিহাৰীসহ চাৰিগৰাকী বিজেপিৰ নেতাই বি পি এফত অচিৰেই যোগদান কৰিব বুলি চৰ্চা চলি থকা সময়তে নিজা স্থিতি স্পষ্ট কৰিলে বি টি আৰৰ বিজেপি কাৰ্যবাহী সদস্য ৰেওৰেৱা নাৰ্জিহাৰীয়ে ৷

বৃহস্পতিবাৰে বিজেপিৰ কাৰ্যবাহী সদস্য নাৰ্জিহাৰীয়ে কয়, ‘‘ বি পি এফলৈ ঘূৰি যোৱাৰ মোৰ মন নাই ৷ মই মানুহ হয়, কুকুৰ নহয় ৷ কুকুৰে যি ঠাইত বমি কৰে সেই ঠাইলৈ ঘূৰি যায় ৷ মই সুস্থ শৰীৰৰ সুস্থ চিন্তাৰে গঢ়িত ব্যক্তি ৷ গতিকে মই তেনেকুৱা নকৰো ৷ হয়, মই বি পি এফত আছিলো ৷ বি টি চি চুক্তি হোৱাৰ পিচত কাৰ্যবাহী সদস্য হিচাপে কাম কৰিছিলো ৷ ’’

তেওঁ লগতে কয়, ‘‘ হাগ্ৰামা নেতৃত্বাধীন বি পি এফ চৰকাৰৰ সময়ত মই যেতিয়া বি টি চিৰ কাৰ্যবাহী সদস্য আৰু অধ্যক্ষ আছিলো, তেতিয়া গোসাইগাঁৱৰ বি পি এফৰ কেইবাগৰাকী নেতাই মোক পদবীৰ পৰা আঁতৰাবলৈ ষড়যন্ত্ৰ কৰিছিল ৷ বি টি চিৰ অন্তিম নিৰ্বাচনত বি পি এফৰ মুঠ 17 গৰাকী পাৰিষদ বিজয়ী হোৱাৰ পিচতো চৰকাৰ গঠন কৰিব নোৱৰাৰ মূল কাৰণ বি পি এফৰ এজন নেতা ৷ যি নেতাৰ ভুলৰ বাবে চৰকাৰ গঠন কৰিব পৰা নাই ৷ সেই দলত থাকি নিৰ্বাচনৰ সময়ত দি অহা প্ৰতিশ্ৰুতিবোৰ কেনেকৈ পূৰণ কৰিম ৷ সেয়ে বি পি এফ ত্যাগ কৰি বিজেপিত যোগদান কৰিবলৈ বাধ্য হৈ পৰিছিলো ৷’’

নাৰ্জিহাৰীয়ে কয়, ‘‘যিসময়ত প্ৰধানমন্ত্ৰী মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেশৰ শান্তি আৰু উন্নয়নৰ হকে কাম কৰি আছে তেনে সময়ত মই বি পি এফলৈ ঘূৰি যোৱাৰ প্ৰশ্নই নুঠে ৷ ইমানুৱেল মুছাহাৰী আৰু ৰাজকুমাৰ ব্ৰহ্মৰ বি পি এফৰে আছিল সম্পৰ্ক ৷ সেয়ে দুয়োজনে বিজেপি এৰি বি পি এফলৈ পূনৰ ঘূৰি গৈছে ৷ ৰাজকুমাৰ ব্ৰহ্ম যেতিয়া বি পি এফত আছিল তেতিয়া পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত বি টি চিত ব্যাপক দুৰ্নীতি হৈছিল ৷ আঁচনিৰ কাম দিম বুলি মানুহৰ পৰা বহু টকা সংগ্ৰহ কৰিছিল ৷ বি পি এফৰ এইবাৰ চৰকাৰ হ’ব বুলি ৰাজকুমাৰ ব্ৰহ্মই বি পি এফলৈ গৈছে‌ ৷ যদি বি পি এফে চৰকাৰ গঠন কৰিব লগা হয় তেন্তে বিজেপিক লৈ চৰকাৰ গঠন কৰিব লগা হ’ব ৷’’

লগতে পঢ়ক : কোকৰাঝাৰত এনকাউন্টাৰৰ ঘটনা, গুলীবিদ্ধ হত্যাকাৰী শম্ভূ কাহাৰ ওৰফে শীল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.