কোকৰাঝাৰ,11 জানুৱাৰীঃ কংগ্ৰেছৰ অস্তিত্ব ৰক্ষাৰ জনজাগৰণ যাত্ৰাৰ অংশস্বৰূপে জিলা কংগ্ৰেছৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা দলীয় কৰ্মী সভাত শুকুৰবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই উপস্থিত হৈ বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে। বৰাই ভাষণত কয়,‘‘দেশত এতিয়া হিটলাৰী,ফেচীবাদী,অহংকাৰী চৰকাৰ চলি আছে,জনসাধাৰণক যিকোনো বিনিময়ত দমন নীতিৰে শাসন চলাব ধৰিছে।’’
তদুপৰি আগন্তুক বিটিচি নিৰ্বাচনত বিপিএফ উৎখাত হ’ব বুলি মন্তব্য কৰি কংগ্ৰেছে এককভাৱে নিৰ্বাচনত অৱতীৰ্ণ হৈ ভাল ফলাফল দেখুৱাব বুলি আশা প্ৰকাশ কৰে সভাপতিগৰাকীয়ে । বিটিচিত সংঘটিত হোৱা অবাধ দুৰ্নীতিক মূল বিষয় হিচাপে লৈ বিটিচি নিৰ্বাচনৰ বাবে কংগ্ৰেছ সাজু বুলি মন্তব্য কৰে।
বিজেপি আৰু বিপিএফক পৰাজয় কৰিবলৈ যিকোনো দলৰ লগত মিত্ৰতাৰ বাবে কংগ্ৰেছ সাজু আছে বুলিও প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।
লগতে চাওকঃবড়ো সাহিত্য সভাকলৈ উখল মাখল দাউহাৰু পথাৰ