কোকৰাঝাৰ, 15 মে’: ৰঙালীৰ আনন্দৰ সমান্তৰালকৈ কোকৰাঝাৰ জিলাৰ বিভিন্ন ঠাইত বৰ্তমান অব্যাহত আছে বিষুৱাৰ আনন্দ ৷ কোঁচ-ৰাজবংশী জনগোষ্ঠীৰ পৰম্পৰাগত উৎসৱ 'বিষুৱা'ক প্ৰাধান্য দিয়াৰ উদ্দেশ্যে ব’হাগ মাহৰ আৰম্ভণিৰে পৰা শেষৰলৈকে কোঁচ-ৰাজবংশী লোকসকলে কোকৰাঝাৰৰ বিভিন্ন ঠাইত অনুষ্ঠিত কৰি আহিছে এই উৎসৱ ৷
কোকৰাঝাৰ জিলাৰ অন্তৰ্গত খুক্সী বিষুৱা উৎসৱ উদযাপন সমিতিয়ে ১৪ আৰু ১৫ মে’ত দুদিনীয়া কাৰ্যসূচীৰে কোকৰাঝাৰৰ কে.বি.এচ.এম.ই. স্কুলৰ প্ৰাঙ্গনত আয়োজন কৰিছে বিষুৱা উৎসৱৰ ৷ মংগলবাৰে পুৱা বিষুৱাৰ পতাকা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভ কৰে বিষুৱা উৎসৱ উদযাপন সমিতিৰ সভাপতি ধৃতুৰাজ সিংহ ৰায়ে ৷ লগতে, শ্বহীদ বেদীত মাল্যাৰ্পন কৰে বিষুৱা উদযাপনৰ সমিতিৰ সম্পাদক শিলাজিৎ অধিকাৰীয়ে ৷

সাতগৰাকীকৈ কিশোৰীয়ে সাত বিষুৱাৰ পতাকা উত্তোলন কৰাৰ পাচতেই বিষুৱা উৎসৱৰ লগত সংগতি ৰাখি কণ-কণ ল’ৰা ছোৱালীসকলৰ মাজত অনুষ্ঠিত কৰা হয় কুকুৰা যুঁজ, টেকেলী ভঙা আদি বিভিন্ন পৰম্পৰাগত খেল-ধেমালীৰ ৷ ইয়াৰোপৰি, সন্ধিয়ালৈ চৈধ্য বছৰৰ তলৰ আৰু উৰ্দ্ধৰ বিষুৱা ময়না আৰু বিষুৱা সুন্দৰী বাদবাখোন প্ৰতিযোগিতাৰ লগতে কোঁচ-ৰাজবংশী জনগোষ্ঠীৰ বিভিন্ন পৰম্পৰাগত নৃত্যগীতৰ অনুষ্ঠানো আয়োজন কৰে আয়োজক মণ্ডলীয়ে ৷