ETV Bharat / state

ধুবুৰীত গ্ৰাহক সেৱা কেন্দ্ৰৰ নামত লুণ্ঠন লাখ লাখ টকা - ধুবুৰী

ধুবুৰীৰ গোসাইগাঁৱত গ্ৰাহক সেৱা কেন্দ্ৰ"ৰ নামত লাখ লাখ টকা লুণ্ঠনৰ অভিযোগ ৷ গ্ৰাহকৰ একাউন্টৰ পৰা ধন হৰলুকি কৰি গ্ৰাহক সেৱা কেন্দ্ৰত সত্বাধিকাৰে তলা ওলোমাই পলায়ন কৰাৰ অভিযোগ হিতাধিকাৰীয়ে ৷

ধুবুৰী
ধুবুৰীত গ্ৰাহক সেৱা কেন্দ্ৰৰ নামত লাখ লাখ টকা লুণ্ঠন
author img

By

Published : Mar 17, 2020, 5:39 AM IST

ধুবুৰী, 16 মাৰ্চঃ ধুবুৰীৰ গোসাইগাঁৱৰ কামানডাঙ্গাত "গ্ৰাহক সেৱা কেন্দ্ৰ"ৰ নামত লাখ লাখ টকা লুণ্ঠন ৷ "অৰ্ধশতাধিক গ্ৰাহকৰ একাউন্টৰ পৰা ধন হৰলুকি কৰি গ্ৰাহক সেৱা কেন্দ্ৰত সত্বাধিকাৰে তলা ওলোমাই পলায়ন কৰাৰ অভিযোগ হিতাধিকাৰীৰ ৷ গ্ৰাহক সেৱা কেন্দ্ৰটোৰ সত্বাধিকাৰে শৰীফুল মিঞাই সেৱা কেন্দ্ৰটো চলোৱাৰ বাবে অমৃত সৰকাৰক কৰ্মচাৰী হিচাপে নিয়োজিত কৰে ৷ কিন্তু কিছুদিন পূৰ্বৰ পৰাই শৰীফুল মিঞা আৰু অমৃত সৰকাৰ দুয়ো মিলি ৰাইজৰ ধন হৰলুকিত নামি পৰিছে বুলি অভিযোগ উত্থাপন কৰে হিতাধিকাৰীয়ে ৷

ধুবুৰী
ধুবুৰীত গ্ৰাহক সেৱা কেন্দ্ৰৰ নামত লাখ লাখ টকা লুণ্ঠন

উল্লেখ্য যে, গ্ৰাহক সেৱা কেন্দ্ৰটোত অঞ্চলটোৰ শতাধিক গ্ৰাহকে একাউণ্ট খুলিছিল । সাধাৰণ গ্ৰাহকে টকা জমা ৰখাৰ ওপৰিও , চৰকাৰে যোগান ধৰা বৃদ্ধ পেঞ্চনৰ টকা, শাৰীৰিকভাবে সক্ষম ব্যক্তিৰ ভাট্টাৰ টকা, স্কুলীয়া ছাত্ৰ-ছাত্ৰী জলপানিৰ টকাও উক্ত গ্ৰাহক সেৱা কেন্দ্ৰটোত জমা কৰা হৈছিল । কিন্তু নিজৰ বেংক একাউণ্টৰ ধন কলৈ যায় গম নাপায় গ্ৰাহকে । গ্ৰাহকে বেংকৰ ষ্টেটমেন উলিওৱাত খোদ চিএছপি কৰ্তৃপক্ষই টকা আত্মসাৎ কৰাৰ কথা পোহৰলৈ আহে । বেংক কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি জানিব পাৰে যে, উক্ত গ্ৰাহক সেৱা কেন্দ্ৰৰ পৰাই ধন বিলাক উঠোৱা হৈছে ।

অভিযোগ অনুসৰি, হিতাধিকাৰী আব্দুল মোতালেব শ্বেখৰ 34054444066 নম্বৰ একাউণ্ট পৰা 37 হাজাৰ টকা, নাৰায়ণ চন্দ্ৰ দাসৰ 33720557313 নম্বৰৰ একাউণ্ট পৰা 54 হাজাৰ টকা, দীপাংকৰ দাসৰ 35720793013 নম্বৰৰ একাউণ্টৰ পৰা 10 হাজাৰ টকা, কল্যাণী বৰ্মনৰ 3 হাজাৰ, প্ৰণতি বলা দাসৰ 8 হাজাৰ টকা আদি কৰি অৰ্ধশতক গ্ৰাহকৰ একাউণ্টৰ পৰা কেইবা লাখ টকা আত্মসৎ কৰে । আনহাতে কেইবাজনো গ্ৰাহক ইতিমধ্যে তামাৰহাট থানাত গ্ৰাহক সেৱা কেন্দ্রৰ সত্বাধিকাৰি আৰু কৰ্মচাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ।

আৰু পঢ়কঃ কৰিমগঞ্জত শ্ৰদ্ধা জ্ঞাপন বিষ্ণুপ্ৰিয়া মনিপুৰী বীৰাংগনা সুদেষ্ণা সিনহাক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.