ETV Bharat / state

অব্যাহত আছে উৰ্খাও গৌৰা ব্ৰহ্মৰ নিৰ্বাচনী প্ৰচাৰ - ইউছুফ আলি

5 নং লোকসভা সমষ্টি দখলৰ স্বাৰ্থত দিনে নিশাই প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে এবছু সমৰ্থিত প্ৰাৰ্থী ইউপিপিএল দলৰ উৰ্খাও গৌৰা ব্ৰহ্মই৷

অব্যাহত উৰ্খাও গৌৰা ব্ৰহ্মৰ নিৰ্বাচনী প্ৰচাৰ
author img

By

Published : Apr 11, 2019, 11:04 PM IST

কোকৰাঝাৰ, 11 এপ্ৰিলঃ 5 নং লোকসভা সমষ্টি দখলৰ উদ্দেশ্যে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে ইউপিপিএল দলে ৷ বৃহস্পতিবাৰে মংগলদৈ লোকসভা সমষ্টিৰ প্ৰাৰ্থী উৰ্খাও গৌৰাৰ প্ৰচাৰ অভিযানত ইউ এম এম চিৰ সভাপতি ইউছুফ আলিয়ে কয় যে কোকৰাঝাৰত কেতিয়াও কংগ্ৰেছ জয়ী হ'ব নোৱাৰে লগতে বড়ো-অনবড়োৰ বিভাজনৰ ফলত এটা সময়ত হীৰা শৰণীয়া জয়ী হৈছিল যদিও সেই সময় আৰু নাই গতিকে উৰ্খাও গৌৰা ব্ৰহ্মৰ জয় নিশ্চিত ৷

অব্যাহত উৰ্খাও গৌৰা ব্ৰহ্মৰ নিৰ্বাচনী প্ৰচাৰ

আনহাতে গোসাইগাঁৱৰ শ্ৰীৰামপুৰ হাইস্কুল খেলপথাৰতো এখন সভা আহ্বান কৰি বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা সুশীল দাসে উৰ্খাও গৌৰা ব্ৰহ্মৰ সপক্ষে প্ৰচাৰ অভিযান চলায় ৷ সভাত দাসে বিজেপি দলৰ বিৰুদ্ধে অভিযোগৰ আঙুলি টোৱাই কয় যে, বিজেপিয়ে সাতামপুৰুষীয়া অসমীয়া বঙালীৰ মাজত বৰ্তি থকা শান্তি সম্প্ৰীতি ভাতৃত্ববোধ বিনষ্ট কৰাৰ প্ৰয়াস কৰাৰ লগতে নাগৰিকত্ব সংশোধনী বিধায়কৰ নামত বঙালীক ভোট বেংক হিচাপে ব্যৱহাৰ কৰাৰ কৌশল ৰচিছে।

অব্যাহত উৰ্খাও গৌৰা ব্ৰহ্মৰ নিৰ্বাচনী প্ৰচাৰ

আনহাতে উক্ত সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি এবছুৰ সভাপতি প্ৰমোদ বড়োই তেওঁৰ বক্তব্যত কয় যে ,বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বড়োলেণ্ড হ'লে অনা বড়ো সকল ইয়াতে থাকিব নোৱাৰিব বুলি মন্তব্য কৰে কাৰণ বড়ো-অবড়োৰ মাজত অবিশ্বাস সৃষ্টি কৰি ৰাজনীতিক মুনাফা লাভৰ অপচেষ্টা কৰিছে হাগ্ৰামা মহিলাৰীয়ে ৷

Intro:কোকৰাঝাৰ লোকসভা সমষ্টিত উৰ্খাও গৌৰা ব্ৰহ্মৰ জয় নিশ্চিত : ইউছুফ আলি

কোকৰাঝাৰ ১১ এপ্ৰিল : পাঁচ নং কোকৰাঝাৰ লোকসভা সমষ্টিটো এইবেলি দখল কৰাৰ বাবে ইউপিপিএল দলে তীব্ৰ প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে ৷

Body:ইতিমধ্যে এবছু সমৰ্থিত প্ৰাৰ্থী ইউপিপিএল দলৰ  উৰ্খাও গৌৰা ব্ৰহ্মই সমষ্টিটোৰ চৌদিশে প্ৰচাৰ অভিযান চলাই ভোটাৰ ৰাইজক আকৃষ্ট কৰিবলৈ যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে ৷ আজি সাংবাদিকৰ আগত ইউ এম এম চিৰ সভাপতি তথা ইউপিপিএলৰ উপসভাপতি ইউছুফ আলিয়ে কয় যে এইবেলি পাঁচ নং কোকৰাঝাৰ সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থী জয়লাভ কৰিব ৷ সমষ্টিটোত এইবেলি লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ শব্দ ৰাম ৰাভা,বিপিএফৰ প্ৰমিলা ৰানী ব্ৰহ্ম,নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰনীয়াকে ধৰি ৯ গৰাকীকৈ প্ৰাৰ্থীয়ে অৱতীৰ্ণ হৈ প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে যদিও ইয়াৰে উৰ্খাও গৌৰা ব্ৰহ্মৰ জয় নিশ্চিত বুলি দাবী কৰিছে ইউছুফ আলিয়ে ৷ আলিয়ে সমষ্টিটোত কংগ্ৰেছ দলৰ প্ৰাৰ্থী কোনো দিনেই জয়লাভ কৰিব নোৱাৰে বুলি মন্তব্য কৰি নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰনীয়াৰো এইবেলি বড়ো- অবড়োৰ ৰাজনীতি নচলে বুলি কটাক্ষ কৰিছে ৷ তেওঁ বিপিএফৰ প্ৰাৰ্থী প্ৰমিলা ৰানী ব্ৰহ্মকো সমালোচনা কৰি বিটিচিত বড়ো ৰাজনীতিয়েই দপদপাই থাকিব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় ৷ বিটিচিত হাগ্ৰামা মহিলাৰীৰ দুৰ্নীতি ভষ্ট্ৰাচাৰ বন্ধ কৰাৰ বাবে ৰাইজে এইবেলি বিপিএফ দলক বিদাই দি ইউপিপিএল দলক আকোৱালি লৈছে ৷ সেয়ে  পৰিৱৰ্তন বিচাৰি বিটিচিৰ বড়ো-অবড়ো ৰাইজে একত্ৰিত হৈ উৰ্খাও গৌৰা ব্ৰহ্মক বিপুল ভোটত জয়যুক্ত কৰিব বুলি আশা ব্যক্ত কৰিছে  ইউছুফ আলিয়ে ৷

Conclusion:ইপিনে ইউছুফ  আলিৰ এনে দাবীৰ বিপৰীতে সমষ্টিটো দখলৰ বাবে বিপিএফ,কংগ্ৰেছ আৰু নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰনীয়াৰ উপৰিও সমষ্টিটোত অৱতীৰ্ণ হোৱা আন প্ৰাৰ্থী সমূহেও প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি ভোটাৰ ৰাইজক আকৃষ্ট কৰিবলৈ চেষ্টা চলাই আছে যদিও ৰাইজে কাক ভোট দি জয়যুক্ত কৰে সেয়া ২৩ মে'ৰ ফলাফলে স্পষ্ট হৈ পৰিব ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.