ETV Bharat / state

ছিকিমৰ পৰা উদ্ধাৰ হোৱা শিশুৰ দায়িত্বত ৰাজ্য চৰকাৰ - সমাজ কল্যাণ বিভাগ বিটিআৰ

ছিকিমৰ পৰা উদ্ধাৰ হোৱা ৪২ গৰাকী কিশোৰ-কিশোৰীক শুকুৰবাৰে নিশা গুৱাহাটীৰ পৰা কোকৰাঝাৰলৈ অনা হয় ৷ বিটিআৰৰ সমাজ কল্যাণ বিভাগৰ তত্বাৱধানত শিশুসকলক ৫/৬ দিন কোকৰাঝাৰৰ প্ৰশান্তি লজত ৰখাৰ ব্যৱস্থা কৰা হৈছে ৷

assam government will take responsibility of the 42 minors rescued from sikim
ছিকিমৰ পৰা উদ্ধাৰ হোৱা শিশুৰ দায়িত্বত ৰাজ্য চৰকাৰ
author img

By

Published : Jul 24, 2021, 9:55 AM IST

কোকৰাঝাৰ, 24 জুলাই : বৃহস্পতিবাৰে নিশা ছিকিমৰ পৰা অসম আৰক্ষীয়ে উদ্ধাৰ কৰে প্ৰায় ৪২ টা শিশুক ৷ শুকুৰবাৰে পুৱা গুৱাহাটীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শিশুসকলৰ সৈতে মত বিনিময় কৰাৰ পিচত দলটোক কোকৰাঝাৰলৈ নিয়া হয় ৷ গুৱাহাটীৰ পৰা কটকটীয়া নিৰাপত্তা বেহুৰ মাজেৰে শিশুসকলক নিশা ৮ বজাত কোকৰাঝাৰলৈ নিয়া হয় ৷ আটাইকেইগৰাকী শিশুক বৰ্তমান কোকৰাঝাৰ চহৰৰ প্ৰশান্তি লজত ৰখা হৈছে ৷

উল্লেখ্য যে, মানৱ সৰবৰাহকাৰী চক্ৰই(human traffickers) বিটিআৰ(BTR) ৰ চিৰাং জিলাৰ দাদগিৰি আৰু ৰুণিখাটা অঞ্চলৰ অতি দৰিদ্ৰ পৰিয়ালৰ এই ৪২ টা শিশুক ছিকিমৰ বিভিন্ন হোটেল আৰু বহুলোকৰ ঘৰত বনুৱা আৰু বনকৰাৰ কামত নিয়োজিত কৰিছিল ৷ এই সন্দৰ্ভত বিটিআৰৰ সমাজ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য(executive member of social welfare BTR) গৌতম দাসে কয় যে, মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ হোৱা দলটিত ২৪ গৰাকী কিশোৰ আৰু ১৮ গৰাকী কিশোৰী আছে । ইয়াৰে ৪০ গৰাকী কিশোৰ-কিশোৰী ১৮ বছৰৰ তলৰ অৰ্থাৎ নাবালক ৷

ছিকিমৰ পৰা উদ্ধাৰ হোৱা শিশুৰ দায়িত্বত ৰাজ্য চৰকাৰ

চিৰাং জিলাৰ পৰা কমেও ৮০ টা শিশু ছিকিমলৈ যোৱাৰ তথ্য লাভ কৰা বুলি সদৰী কৰি গৌতম দাসে কয় যে, যোৱা ১৯ জুলাইতে চিৰাং আৰক্ষীৰ এটা দল ছিকিমলৈ ৰাওনা হৈছিল ৷ পৰৱৰ্তী সময়ত বৃহস্পতিবাৰে নিশা ৪২ গৰাকী কিশোৰ-কিশোৰীক উদ্ধাৰ কৰি অনা হৈছিল । সম্প্ৰতি বিটিআৰ(BTR)ৰ সমাজ কল্যাণ বিভাগৰ তত্বাৱধানত নাবালিকা শিশুসকলক ৫/৬ দিন কোকৰাঝাৰত ৰখা হ’ব ৷

পৰৱৰ্তী সময়ত শিশু কল্যাণ বিভাগ(children welfare department)ৰ সৈতে আলোচনা কৰি মুখ্যমন্ত্ৰী নিজেই গৈ অভিভাৱকসকলৰ সৈতে আলোচনাত মিলিত হ’ব ৷ এই কথা কাৰ্যবাহী সদস্যগৰাকীয়ে সদৰী কৰে ৷ পিছত যিসকলে ঘৰলৈ পুনৰ উভতি যাব বিচাৰে, সেইসকলক ঘৰলৈ পঠোৱাৰ বিপৰীতে শিশু গৃহত থাকিবলৈ আগ্ৰহ প্ৰকাশ কৰাসকলক শিশুগৃহত ৰখা হ’ব ৷

যদি কোনোবাই পঢ়া-শুনা কৰিব বিচাৰে, তাৰ উচিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷ এই কথা সদৰী কৰিছে কাৰ্যবাহী সদস্যগৰাকীয়ে ৷ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা উক্ত ঘটনাৰ সৈতে সংগতি ৰাখি ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং(Sikim CM Prem Sing Tamang) শুকুৰবাৰে অসমত উপস্থিত হৈছিল ৷

লগতে পঢ়ক : আত্মসমৰ্পন কৰা নাই যুদ্ধ বিৰতিহে ঘোষণা কৰিছো: এম বাথা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.