ETV Bharat / state

বিটিচিত উৰিব বিজেপিৰ বিজয়ধ্বজা: ৰঞ্জিত দাস

author img

By

Published : Nov 12, 2020, 5:40 PM IST

বিজেপি প্ৰাৰ্থীৰ হৈ বিটিচিত দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ নিৰ্বাচনী প্ৰচাৰ। বিপিএফৰ সংগ ত্যাগ কৰি বিজেপিয়ে অকলে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ কথা ঘোষণা দাসৰ । বিটিচিত চৰকাৰ গঠন কৰাৰ দৃঢ় সংকল্প লৈ বাইক ৰেলীত অংশগ্ৰহণ কৰিলে ৰাজিক সভাপতিগৰাকীয়ে ।

বিজেপি প্ৰাৰ্থীৰ হৈ বিটিচিত ৰঞ্জিত দাসৰ নিৰ্বাচনী প্ৰচাৰ

কোকৰাঝাৰ, ১২ নৱেম্বৰ: ৰাজনৈতিক দলৰ পৰিৱৰ্তে জনতাৰ সৈতেহে মিত্ৰতা আছে বুলি কৈ বৃহস্পতিবাৰে বিটিচিত নিৰ্বাচনী প্ৰচাৰ অভিযান চলালে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে । কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱৰ চৰাইবিল সমষ্টিৰ প্ৰাৰ্থী ইউলিয়াম নাৰ্জাৰী, শ্ৰীৰামপুৰ সমষ্টিৰ প্ৰাৰ্থী সঞ্জীৱ দত্তৰ হৈ প্ৰচাৰ চলায় ৰাজ্যিক সভাপতিগৰাকীয়ে । বিটিচিত বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলিও মন্তব্য কৰে ৰঞ্জিত দাসে । বাইক ৰেলীত অংশ লোৱাৰ লগতে গোসাঁইগাঁও আৰু শ্ৰীৰামপুৰত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে ।

তেওঁ কয় যে, 'পঞ্চায়ত নিৰ্বাচনত বিপিএফে যিদৰে অকলে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিলে, ঠিক সেইদৰে বিটিচি নিৰ্বাচনত বিজেপিয়ে অকলে প্ৰতিদ্বন্দিতা কৰিব । প্ৰায় ৩ বছৰ পূৰ্বে ওদালগুৰিত অনুষ্ঠিত বিজেপি দলীয় সভাত বিটিচি গঠনত বিজেপি দলৰ ভূমিকা থাকিব বুলি মই কোৱাত বহুতে হাঁহিছিল । কিন্তু সেয়া আজি সম্ভৱ হৈ পৰিছে । আজিৰ দিনত ৫ নম্বৰ চৰাইবিল সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী উইলিয়াম নাৰ্জাৰী বিজয়ী নিশ্চিত আৰু তেওঁ এজন কাৰ্যবাহী সদস্য বুলি ঘোষণা কৰিলো ।' বিপিএফৰ সৈতে থকা পূৰ্বৰ মিত্ৰতাৰ সম্পৰ্কত ফাঁট মেলিলেও অধিক আত্মবিশ্বাসী হোৱা দেখা গ'ল বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীক ।

লগতে পঢ়ক:ডুমডুমাৰ কৰ্দৈগুৰিত পথ মেৰামতি কৰিলে স্থানীয় ৰাইজে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.