ETV Bharat / state

বিটিচিৰ ৰাজ্যপাল শাসনক অবৈধ আখ্যা - উচ্চতম ন্যায়ালয়

তৃতীয় বড়ো শান্তি চুক্তিৰ দুই মধ্যস্থতাকাৰীয়ে বিটিচিত ৰাজ্যপাল শাসনক অবৈধ আখ্যা দিয়ে ৷

তৃতীয় বড়ো শান্তি চুক্তিৰ দুই মধ্যস্থতাকাৰী
পৃথিৱীৰাজ নাৰায়ণদেৱ মেছ আৰু থুলুংগা বসুমতাৰী
author img

By

Published : Oct 13, 2020, 11:19 PM IST

কোকৰাঝাৰ, ১৩ অক্টোবৰ : বিটিচিত ৰাজ্যপালৰ শাসন ৰদ কৰাৰ লগতে শীঘ্ৰেই বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে তৃতীয় বড়ো শান্তি চুক্তিৰ দুই মধ্যস্থতাকাৰী পৃথিৱীৰাজ নাৰায়ণদেৱ মেছ আৰু থুলুংগা বসুমতাৰী ৷ এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত লেখ আৱেদন দাখিল কৰিছে দুই মধ্যস্থতাকাৰীয়ে ৷

"বিটিচিত ৰাজ্যপালৰ শাসন প্ৰৱৰ্তন কৰাটো সাংবিধানিকভাৱে অবৈধ ৷ সংবিধানৰ ষষ্ঠ অনুসূচী অনুসৰি ষষ্ঠ অনুসূচীভুক্ত এলেকাত ৰাজ্যপালৰ শাসন বলৱৎ হ'বলৈ হ'লে বিধানসভাৰ দ্বাৰা সেয়া ৩০ দিনৰ ভিতৰত অনুমোদিত হ'ব লাগে ৷ কিন্তু বিটিচিৰ ক্ষেত্ৰত এতিয়াও সেয়া নহ'ল ৷ মঙলবাৰে নতুন দিল্লীত এক সংবাদমেলত এই কথা সদৰী কৰিছে পৃথিৱীৰাজ নাৰায়ণদেৱ মেছ আৰু থুলুংগা বসুমতাৰীয়ে ৷

পৃথিৱীৰাজৰ নাৰায়ণ দেৱ মেচে দাবী কৰে যে, ‘‘৩১ আগষ্টত অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হৈছিল য'ত ৰাজ্যপালৰ শাসনৰ বিষয়টো অনুমোদিত নহ'ল। এই অৱস্থাত ৩০ ছেপ্টেম্বৰৰ পিছত বিটিচিত ৰাজ্যপালৰ শাখনৰ বৈধতা নাই বুলি কয়’’ ৷ ৰাজ্যপালৰ ভূমিকাক সমালোচনা কৰি থুলুংগা আৰু পৃথিৱীৰাজৰ দাবী ‘‘৩০ ছেপ্টেম্বৰৰ পিছত ৰাজ্যপালে বিটিচিত অবৈধভাবে শাসন অব্যাহত ৰাখিছে ’’ ৷ লগতে বিটিচি নিৰ্বাচনক শিগৰে অনুষ্ঠিত দাবী কৰি কৈ যে যদি বিহাৰত নিৰ্বাচন হ'ব পাৰে, বিটিচি নিৰ্বাচন নপতাৰ যুক্তি কি কিহৰ বুলি প্ৰশ্ন তোলে দুয়োগৰাকীয়ে ৷ ৰাজ্যপালৰ শাসনক প্ৰত্যাহ্বান জনায় উচ্চতম ন্যায়ালয়ে লেখ আৱেদনখন ন্যায়ালয়ে শুনানিৰ বাবে গ্ৰহণ কৰা বুলি স্পষ্ট কৰে |

লগতে পঢ়ক : উত্তৰ অসমবাসীৰ প্ৰতীক্ষাৰ অন্ত পেলাই চলিল ৰাজধানী এক্সপ্ৰেছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.