ETV Bharat / state

কোকৰাঝাৰৰ উল্টাপানী বনাঞ্চলত উদ্ধাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ

author img

By

Published : May 1, 2021, 8:47 PM IST

কোকৰাঝাৰ জিলাৰ উল্টাপানী বনাঞ্চলত উদ্ধাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ -শস্ত্ৰ ৷ শনিবাৰে কোকৰাঝাৰ সদৰ আৰক্ষীয়ে উল্টাপানী সংৰক্ষিত বনাঞ্চলৰ দীঘলীপাৰৰ ৰাইড নং 4 আৰু 5 ত অভিযান চলাই উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰখিনি ৷ ইয়াৰ ভিতৰত আছে তিনিটাকৈ এ কে ৫৬ ৰাইফল, এটা মেগজিন আৰু ৬৫ ৰাউণ্ড সজীৱ গুলী ৷

arms-recovered-in-ultapani-forest-in-kokrazar
কোকৰাঝাৰৰ উল্টাপানী বনাঞ্চলত উদ্ধাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ -শস্ত্ৰ

কোকৰাঝাৰ,১ মে’: ভোটগণনালৈ মাজতে এটা নিশা বাকী থকা অৱস্থাত কোকৰাঝাৰ জিলাৰ উল্টাপানী বনাঞ্চলত আৰক্ষীয়ে উদ্ধাৰ কৰিছে বৃহৎ পৰিমাণৰ অস্ত্ৰ -শস্ত্ৰ ৷ শনিবাৰে কোকৰাঝাৰ সদৰ আৰক্ষীয়ে উল্টাপানী সংৰক্ষিত বনাঞ্চলৰ দীঘলীপাৰৰ ৰাইড নং 4 আৰু 5 ত অভিযান চলাই বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয় । শনিবাৰে সন্ধিয়া এক সংবাদমেলযোগে এই কথা সদৰী কৰে বিটিআৰৰ আইজিপিৰ দায়িত্বত থকা বিশেষ আৰক্ষী সঞ্চালক এল আৰ বিষ্ণৈইয়ে ৷

উদ্ধাৰকৃত অস্ত্ৰ-শস্ত্ৰৰ ভিতৰত আছে তিনিটাকৈ এ কে ৫৬ ৰাইফল, এটা মেগজিন আৰু ৬৫ ৰাউণ্ড সজীৱ গুলী ৷ সংবাদমেলত এল আৰ বিষ্ণৈইয়ে শ্ৰীৰামপুৰত যোৱা ২৬ এপ্ৰিলত বন্ধন বেংকৰ পৰা পাঁচ লাখ টকা লুটি নিয়া অস্ত্ৰধাৰী গোটটোৰ ব্যৱহৃত অস্ত্ৰ-শস্ত্ৰ আছিল বুলি সন্দেহ প্ৰকাশ কৰিছে ৷ শনিবাৰে এক গোপন সূত্ৰ অনুসৰি, কোকৰাঝাৰ আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক পুনমজিৎ নাথৰ নেতৃত্বত অভিযান চলাই উক্ত অস্ত্ৰ-শস্ত্ৰখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয় বুলি সংবাদমেলত সদৰী কৰে বিশেষ আৰক্ষী সঞ্চালক গৰাকীয়ে ৷

উল্লেখ্য যে, ইতিমধ্যে আৰক্ষীয়ে শুকুৰবাৰে নিশা বন্ধন বেংকত ডকাইতি কাণ্ডত জড়িত প্ৰাজীৱ শীল বসুমতাৰীক আটক কৰাৰ লগতে এটা ৭.৬৫ পিষ্টল আৰু এখন বলেৰ’ গাড়ী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল ৷ বন্ধন বেংকৰ ডকাইতি কাণ্ডত জড়িত আৰু বৰ্তমান পলাতক অৱস্থাত থকা সৌৰাং নাৰ্জাৰীসহ আন তিনিজনকো অচিৰে আটক কৰা হ’ব বুলি সংবাদমেলত সদৰী কৰে আৰক্ষী বিশেষ সঞ্চালক গৰাকীয়ে ৷ সংবাদমেলত জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশন আৰু উপ আৰক্ষী অধীক্ষক পুনমজিৎ নাথ উপস্থিত থাকে ৷

লগতে পঢ়ক : নাৰায়ণপুৰত ''দাম্ভিক ক'ৰণা'' শীৰ্ষক গীত উন্মোচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.