ETV Bharat / state

কোকৰাঝাৰত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ মাৰণাস্ত্ৰ - Kokrajhar arms recover

বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত কোকৰাঝাৰত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ অবৈধ অস্ত্ৰ-শস্ত্ৰ ৷ সোমবাৰে নিশা কোকৰাঝাৰ আৰক্ষী, চিআৰপিএফ আৰু এছএছবিৰ এক অভিযানকাৰী দলে জিলাখনৰ বালুঝৰা বনাঞ্চলৰ পৰা মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰে দুটা এ.কে-৫৬ ৰাইফল, ৯ এম এম পিষ্টল এটা, এ.কে-৫৬ ৰাইফলৰ মেগজিন দুটা, ৯ এম এম পিষ্টলৰ মেগজিন এটা আৰু ৪২ জাই সজীৱ গুলী ৷

কোকৰাঝাৰত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ মাৰণাস্ত্ৰ

author img

By

Published : Mar 23, 2021, 1:00 PM IST

কোকৰাঝাৰ, ২৩ মাৰ্চ: বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত অসমৰ বিভিন্ন ঠাইত উদ্ধাৰ হৈছে অস্ত্ৰ-শস্ত্ৰ । বাক্সা জিলাৰ পিছত এইবাৰ কোকৰাঝাৰ জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী বনাঞ্চলত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ অবৈধ অস্ত্ৰ-শস্ত্ৰ ৷

কোকৰাঝাৰত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ মাৰণাস্ত্ৰ
কোকৰাঝাৰত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ মাৰণাস্ত্ৰ

সোমবাৰে নিশা কোকৰাঝাৰ আৰক্ষী, চিআৰপিএফ আৰু এছএছবিৰ এটা অভিযানকাৰী দলে জিলাখনৰ গোসাইগাঁও মহকুমাৰ শৰাইবিল উপ আৰক্ষী চকীৰ অন্তৰ্গত বালুঝৰা বনাঞ্চলত অভিযান চলাই অবৈধ অস্ত্ৰ-শস্ত্ৰ খিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ উদ্ধাৰ কৰা অস্ত্ৰ-শস্ত্ৰৰ ভিতৰত আছে দুটা এ.কে-৫৬ ৰাইফল, ৯ এম এম পিষ্টল এটা, এ.কে-৫৬ ৰাইফলৰ মেগজিন দুটা, ৯ এম এম পিষ্টলৰ মেগজিন এটা আৰু ৪২ জাই সজীৱ গুলী ৷

মঙলবাৰে কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি এই বিষয়ে সদৰি কৰে জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰোশ্বনে ৷ জিলা আৰক্ষী অধীক্ষক গৰাকীৰ মতে এক গোপন খবৰৰ ভিত্তিত সোমবাৰে নিশা ৭ মান বজাত কোকৰাঝাৰ আৰক্ষী, ১২৯ নং চিআৰপিএফ আৰু ৩১ নং এছএছবিৰ দলে জিলা খনৰ ভাৰত-ভূটান সীমান্তৱৰ্তী বালুঝৰা বনাঞ্চলত অভিযান চলোৱা হৈছিল ৷

কেইবাঘণ্টা ধৰি চলা অভিযানৰ অন্তত বনাঞ্চলটোৰে এঠাইত মাটিৰ তলত পুতি থোৱা অৱস্থাত অস্ত্ৰ-শস্ত্ৰ খিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ উক্ত অভিযানৰ নেতৃত্ব দিয়ে জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক মুকুট ৰাভা আৰু উপ আৰক্ষী অধীক্ষক পুনমজিৎ নাথে ৷ ইফালে উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰখিনি কোনে, কি উদ্দেশ্যে মাটিত পুতি থৈছিল সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:নিৰ্বাচনৰ প্ৰাকক্ষণত বাক্সাত উদ্ধাৰ মাৰণাস্ত্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.