ETV Bharat / state

বিজেপি মিত্ৰগোটক সমৰ্থন আক্ৰাছুৰ

author img

By

Published : Jun 26, 2020, 5:55 AM IST

কোকৰাঝাৰত আক্ৰাছুয়ে সংবাদমেল অনুষ্ঠিত কৰি বিজেপি মিত্ৰগোটক সমৰ্থন দিয়াৰ কথা ঘোষণা কৰে ৷ আক্ৰাছুৱে পৃথক কমতাপুৰ ৰাজ্য পুণৰগঠনৰ দাবী বাদ নিদিয়ে বুলিও উল্লেখ সংগঠনটোৰ ৷

বিজেপি মিত্ৰগোটক সমৰ্থন আক্ৰাছুৰ
বিজেপি মিত্ৰগোটক সমৰ্থন আক্ৰাছুৰ

কোকৰাঝাৰ, 26 জুনঃ আগন্তুক বিটিচি নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনত বিজেপি-বিপিএফ আৰু অগপ দলক সমৰ্থন জনাব আক্ৰাছুৱে । বৃহস্পতিবাৰে কোকৰাঝাৰ প্ৰেছ ক্লাৱত আয়োজিত হোৱা এক সংবাদমেলত আক্ৰাছুৰ মুখ্য উপদেষ্ঠা প্ৰদীপ কুমাৰ ৰায়ে প্ৰকাশ কৰে এই কথা ৷ তেওঁ আগন্তুক নিৰ্বাচনত মিত্ৰদলৰ চৰকাৰক সমৰ্থন কৰা হব বুলি মন্তব্য কৰি মিত্ৰদলৰ চৰকাৰে কোচ ৰাজবংশী জনগোষ্ঠীৰ সমস্যা সমাধানত গুৰুত্ব আৰোপ কৰিছে বুলি সদৰি কৰে ।

আক্ৰাছুৰ সংবাদমেল

যি দলে তেওঁলোকৰ সমস্যা সমাধানত গুৰুত্ব আৰোপ কৰিব তেনে দলক সমৰ্থন দিয়াত বাধা নাই বুলি প্ৰকাশ কৰে নেতা গৰাকীয়ে ৷ আনহাতে ৰায়ে কয় যে, কোচ ৰাজবংশী স্বায়ত্বশাসিত পৰিষদ , কোচ ৰাজবংশী উন্নয়ন পৰিষদ গঠন হলেও আক্ৰাছুৱে পৃথক কমতাপুৰ ৰাজ্য পুণৰগঠনৰ দাবী বাদ নিদিয়ে বুলিও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই ৷

আনহাতে সংবাদমেলত উপস্থিত থকা আক্ৰাছুৰ সভাপতি অৰুণ কুমাৰ ৰায় আৰু সম্পাদক গোকুল বৰ্মনে কোচ ৰাজবংশী স্বায়ত্বশাসিত পৰিষদ , জনজাতিকৰণ আৰু কোচ ৰাজবংশী উন্নয়ন পৰিষদ গঠন সম্পৰ্কে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী চন্দন ব্ৰহ্মৰ সতে হোৱা আলোচনাৰ অগ্ৰগতিৰ বিষয়ে সংবাদমেলত সদৰি কৰে ।

অতি শীঘ্ৰেই কোচ ৰাজবংশী উন্নয়ন পৰিষদ গঠন হব বুলি আশা প্ৰকাশ কৰি নেতাদ্বয়ে কয় যে ইতিমধ্যে বঙাইগাঁও জিলা উপায়ুক্তই জিলাখনৰ জৰীপকাৰ্য সম্পূৰ্ণ কৰি সংশ্লিষ্ট দপ্তৰলৈ প্ৰেৰণ কৰিছে ।

লগতে পঢ়কঃ অনশনত বহিল অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.