ETV Bharat / state

নতুন শিক্ষা নীতি ৰূপায়নৰ পূৰ্বে বড়ো মাধ্যমৰ সমস্য়া সমাধানৰ দাবী এবছুৰ - খৌৰৌমদাউ ঔৱাৰী

বৃহস্পতিবাৰে কোকৰাঝাৰৰ এবছুৰ মুখ্য কাৰ্যালয়ৰ বডোফা হাউচত সংবাদমেল সম্বোধন এবছু নেতা খৌৰৌমদাউ ঔৱাৰীৰ ৷ নতুন শিক্ষা নীতি 2020 ৰূপায়ন কৰাৰ পূৰ্বে বড়ো মাধ্যমৰ জ্বলন্ত সমস্যাৰ সমাধান কৰিবলৈ শিক্ষামন্ত্ৰীক আহ্বান জনায় এবছু নেতা গৰাকীয়ে ৷

ABSU press meet
বড়ো মাধ্যমৰ সমস্য়া সমাধানৰ দাবী এবছুৰ
author img

By

Published : Aug 6, 2020, 2:02 PM IST

কোকৰাঝাৰ, 6 আগষ্ট: কোকৰাঝাৰ বাগানশালীস্থিত এবছুৰ মুখ্য কাৰ্যালয়ৰ বডোফা হাউচত বৃহস্পতিবাৰে সংবাদমেল আয়োজন কৰি এবছু নেতা খৌৰৌমদাউ ঔৱাৰীয়ে নতুন শিক্ষা নীতি 2020 ৰূপায়ণ কৰাৰ পূৰ্বে বড়ো মাধ্যমৰ জ্বলন্ত সমস্যাৰ সমাধান কৰিবলৈ দাবী জনায় ৷ লগতে,BTADৰ একাংশ মহাবিদ্যালয়ত বিজ্ঞান বিষয়টো সন্নিবিষ্ট কৰিবলৈ দাবী উত্থাপন কৰে ।

বড়ো মাধ্যমৰ সমস্য়া সমাধানৰ দাবী এবছুৰ

অসমৰ বিভিন্ন প্ৰান্তত স্থাপন হোৱা মহাবিদ্যালয় ক্ৰমে কোকৰাঝাৰ চেৰফাংগুৰীৰ জনতা কলেজ,কোকৰাঝাৰ গাৰ্লছ কলেজ, চিৰাঙৰ বাসুগাঁও কলেজ,বেংতল কলেজ,বাক্সাৰ শালবাৰী কলেজ,বি বি কিষাণ কলেজ,বাক্সা নিকাচিৰ জ্ঞানপীঠ ডিগ্ৰী কলেজ,ওদালগুৰীৰ কৈৰাবাৰী কলেজ, মাজবাট কলেজ,ধেমাজিৰ মুৰ্খংচেলেক কলেজ, গোলাঘাটৰ স্বৰুপথাৰ কলেজ আৰু কাৰ্বি আংলঙৰ টংনকবে কলেজত বিজ্ঞান বিষয়টো সন্নিবিষ্ট কৰিবলৈ দাবী জনায় এবছুৰ যুটীয়া সম্পাদক গৰাকীয়ে ৷

ইয়াৰোপৰি তেওঁ BTRৰ 6.3 নং দফা অনুসৰি অপ্ৰাদেশিক বড়ো মাধ্যমৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ প্ৰাদেশীকৰণ কৰিবলৈ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সংবাদমেলযোগে আহ্বান জনায় ।

লগতে পঢ়ক: শোণিতপুৰৰ সংঘৰ্ষস্থলীত অব্যাহত সান্ধ্য আইন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.