ETV Bharat / state

এবিএমছুৰ তিনিদিনীয়া শ্বহীদ দিৱসৰ প্ৰথম দিনাৰ কাৰ্যসূচী সম্পন্ন - আবু চৈয়দ আনচাৰি

কোকৰাঝাৰত এবিএমছুৰ শ্বহীদ দিৱস উদযাপন ৷ 21 ৰ পৰা 23 অক্টোবৰলৈ কোকৰাঝাৰৰ গৌৰাংছাত সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাৰ উদ্যোগত 9 তম শ্বহীদ দিৱসৰ প্ৰথম দিনাৰ কাৰ্যসূচী সম্পন্ন ৷

এবিএমছুৰ তিনিদিনীয়া শ্বহীদ দিৱসৰ প্ৰথম দিনাৰ কাৰ্যসূচী সম্পন্ন
author img

By

Published : Oct 22, 2019, 5:15 AM IST

কোকৰাঝাৰ, 21 অক্টোবৰঃ কোকৰাঝাৰত এবিএমছুৰ শ্বহীদ দিৱস উদযাপন ৷ 21 ৰ পৰা 23 অক্টোবৰলৈ কোকৰাঝাৰৰ গৌৰাংছাত সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাৰ উদ্যোগত 9 তম শ্বহীদ দিৱসৰ প্ৰথম দিনাৰ কাৰ্যসূচী সম্পন্ন ৷ প্ৰথম দিনাৰ কাৰ্যসূচীত ৰাতিপুৱা পতাকা উত্তোলন কৰে এবিএমছুৰ কেন্দ্ৰীয় সভাপতি আবু চৈয়দ আনচাৰিয়ে ৷ এবিএমছুৰ কেন্দ্ৰীয় সভাপতিজনে শ্বহীদসকলৰ অৱদানক স্মৰণ কৰি চৰকাৰক জগৰীয়া কৰি কয় যে শ্বহীদ পৰিয়ালক এতিয়াও কোনোধৰণৰ সাহায্য প্ৰদান কৰা নাই ৷ অতি সোনকালে কোনো ব্যৱস্থা নকৰিলে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি মন্তব্য কৰে ৷ আনহাতে কোকৰাঝাৰ জিলা এবিএমছুৰ সভাপতি জৈদুল ইছলামে প্ৰাক্তন সভাপতি লাফিকুল ইছলামৰ হত্যাকাৰীক আজিলৈকে চৰকাৰে শাস্তি নিদিয়াত অসম আৰু বিটিচি চৰকাৰক কঠোৰভাৱে সমালোচনা কৰে ৷

Intro:কোকৰাঝাৰত এবিএমছুৰ শ্বহীদ দিৱস উদযাপন।।

কোকৰাঝাৰ জিলাৰ গৌৰাংছাত আজিৰ পৰা তিনিদিনীয়াকৈ কাৰ্যকসূচীৰে সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাৰ চমুকৈ এবিএমছুৰ ৯তম শ্বহীদ দিৱসৰ উদযাপন আৰম্ভ।

Body:21ৰ পৰা 23 অক্টোবৰলৈ আয়োজন কৰা কাৰ্যসূচীমৰমে আজি ৰাতিপুৱাত ছাত্ৰ সন্থাৰ পটোকা উত্তোলন কৰে ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি আবু চৈয়দ আনচাৰিয়ে, লগতে জিলা আৰু আঞ্চলিক পৰ্যায়ৰ পটোকাক উত্তোলন কৰে।

কেন্দ্ৰীয় সভাপতি আবু চৈয়দ আনচাৰিয়ে সাংবাদীকৰ আগত কৈযে বিগত সময় চোৱাত জাতিটোৰ সংগ্ৰামত 7 জন ছাত্ৰ কৰ্মীয়ে নিজৰ জীৱন অৱদান দিছে, তেওঁলোকৰ অৱদানক আজিও সংগঠনে সেৱা কৰে।স্মৰণ কৰে। চৰকাৰক জগৰীয়া কৰি উল্লেখ কৰেযে চৰকাৰে আজিলৈকে শ্বহীদ পৰিয়ালক শান্তনা নিদিলে যাৰবাবে এইখন দিৱসতে নতুন আণ্ডালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিব বুলি উল্লেখ কৰে।

কোকৰাঝাৰ জিলা এবিএমছুৰ সভাপতি জৈদুল ইছলামই লাফিকুল ইছলামৰ হত্যাকাৰীক আজিলৈকে চৰকাৰে শাস্তি নিদিয়াত অসম আৰু বিটিচি চৰকাৰক কঠোৰ ভাবে সমচালনা কৰে। ৰাজনীতিক সৰুযন্ত্ৰৰে লাফিকুলক হত্যা কৰা হল বুলি কৈ।

Conclusion:অহা 23 অক্টোবৰ দিনা এই উদযাপনৰ লগত সংগতি ৰাখি এখন মকুলিসভা আয়োজন কৰা হৈছে, প্রাপ্তন অসম পুলিচৰ ডিজিপি পলোভ ভট্টাচাৰ্য, বুদ্ধিজীৱী হাইদৰ হুছেইনয়ে অংশগ্ৰহণৰ কথা।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.