ETV Bharat / state

জাতিৰ বিভাজন কেতিয়াও মানি নলয় আক্ৰাছুৱে - অতুল বৰ্মন গোট

ওদালগুৰিৰ ৰৌতাত অনুষ্ঠিত সংবাদমেলখনত আক্ৰাছুৰ অতুল বৰ্মন গোটৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা সমীৰণ সিংহয়ে অংশগ্ৰহণ কৰি কোঁচ-ৰাজবংশীসকলক ST(N) মৰ্যদা প্ৰদান কৰি বহুভাগত বিভক্ত কৰাৰ ষড়যন্ত্ৰ ৰচিছে বুলি এক অভিযোগ উত্থাপন কৰে ৷ য’ত অবিভক্ত গোৱালপাৰা জিলাৰ ভিতৰত ST (P) আৰু বাহিৰত ST (N) মৰ্যদা প্ৰদান কৰি কোঁচ-ৰাজবংশীসকলক বিভাজন কৰা বুলি অভিযোগ উত্থাপিত হৈছে ৷

Aakrasu press meet kokrajhar assam etv bharat news
আক্ৰাছুৰ সংবাদমেল
author img

By

Published : Oct 12, 2020, 9:20 PM IST

কোকৰাঝাৰ,12 অক্টোবৰ: সোমবাৰে বিভিন্ন সমস্যা সমাধানৰ দাবীত এক সংবাদমেল সম্বোধন কৰে ৰাজ্যৰ অন্যতম সংগঠন আক্ৰাছুৱে ৷ সংবাদমেলখন সম্বোধন কৰি আক্ৰাছুৰ অতুল বৰ্মন গোটে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে কোঁচ-ৰাজবংশীসকলক দ্বি-খণ্ডিত কৰাৰ ষড়যন্ত্ৰ ৰচিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে ৷

ওদালগুৰিৰ ৰৌতাত অনুষ্ঠিত সংবাদমেলখনত আক্ৰাছুৰ অতুল বৰ্মন গোটৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা সমীৰণ সিংহয়ে অংশগ্ৰহণ কৰি কোঁচ-ৰাজবংশীসকলক ST(N) মৰ্যদা প্ৰদান কৰি বহুভাগত বিভক্ত কৰাৰ ষড়যন্ত্ৰ ৰচিছে বুলি এক অভিযোগ উত্থাপন কৰে ৷ য’ত অবিভক্ত গোৱালপাৰা জিলাৰ ভিতৰত ST (P) আৰু বাহিৰত ST (N) মৰ্যদা প্ৰদান কৰি কোঁচ-ৰাজবংশীসকলক বিভাজন কৰা বুলি অভিযোগ উত্থাপিত হৈছে ৷ জাতিটোৰ মাজৰ এই বিভাজনক কেতিয়াও মানি নলয় বুলি স্পষ্ট কৰি দিয়ে আক্ৰাছুৰ বিষয়ববীয়াসকলে ৷ যদিহে সমগ্ৰ অসমত কোঁচ-ৰাজবংশীসকলক এই মৰ্যদা চৰকাৰে প্ৰদান কৰে তেন্তে সেয়া গ্ৰহণযোগ্য হোৱাৰ কথা প্ৰকাশ কৰে সংগঠনটোৰ কৰ্মকৰ্তাসকলে ৷

উল্লেখ্য যে, বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে কেইগৰাকীমান কোঁচ-ৰাজবংশী নেতাক প্ৰলোভন দি ভোট আদায়ৰ স্বাৰ্থত এনেকৈ নজৰবিহীন কাৰ্য কৰিবলৈ আগবঢ়া বুলি সংবাদমেলখনত অভিযোগ উত্থাপন কৰে সংগঠনটোৰ কৰ্মকৰ্তাসকলে ৷

লগতে চাওকঃ বিপিএফ-বিজেপিৰ মাজত সংঘাত নাই: প্ৰবীণ বড়ো

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.