ETV Bharat / state

কলৰ খেতিৰে কোটিপতি হোৱা এগৰাকী যুৱকৰ কথাৰে... - কলৰ খেতিৰে কোটিপতি হোৱা এগৰাকী যুৱক

লক ডাউনে বিপৰ্যস্ত কৰিছে বহু লোকৰে জীৱন ৷ কিন্তু কাৰ মাজতো নিজৰ প্ৰচেষ্টাৰ বলত উপাৰ্জনৰ বাট প্ৰশস্ত কৰিছে কোকৰাঝাৰ জিলাৰ এগৰাকী যুৱকে ৷ কল খেতিৰে নিজে স্বাৱলম্বী হোৱা লগতে,আনকো কৰ্মসংস্থাপন দিছে মিকাছ মুছাহাৰী নামৰ যুৱক গৰাকীয়ে ৷

এগৰাকী যুৱকৰ কথাৰে...
এগৰাকী যুৱকৰ কথাৰে...
author img

By

Published : Jul 17, 2020, 6:31 PM IST

কোকৰাঝাৰ, 17 জুলাই: লক ডাউনে নিম্নগামী কৰিছে দেশৰ অৰ্থনীতি ৷ ইয়াৰ ফলত বহু লোকে হেৰুৱাবলগীয়া হৈছে নিজৰ উপাৰ্জনৰ থল ৷ কিন্তু তাৰ মাজতে কিছু ব্যতিক্ৰম কোকৰাঝাৰ জিলাৰ গোঁসাইগাঁৱৰ মিকাছ মুছাহাৰী ৷ আৰ্থিক দীনতাৰ বাবে উচ্চ শিক্ষা গ্ৰহণ কৰিব নোৱাৰা যুৱক গৰাকীয়ে 2010 চনত আৰম্ভ কৰে কলৰ খেতি ৷

কলৰ খেতিৰে কোটিপতি হোৱা এগৰাকী যুৱকৰ কথাৰে...

প্ৰথমে তিনি বিঘা,তাৰ পাচত 30 বিঘা আৰু তাৰ পৰৱৰ্তী সময়ত ক্ৰমান্বয়ে কোনো উৎপাদন নোহোৱাকৈয়ে নদীৰ পাৰত পৰি থকা প্ৰায় 300 বিঘা মাটিত কল খেতি কৰি, উপাৰ্জনৰ পথ প্ৰশস্ত কৰিছে যুৱকগৰাকীয়ে ৷ লক ডাউনৰ মাজতে মিকাছ মুছাহাৰীৰ খেতিৰ কলে ব্যাপক চাহিদা লাভ কৰিছে গুৱাহাটী, গোৱালপাৰা,ধুবুৰী,পশ্চিমবংগ আদিৰ বজাৰত৷ যুৱক গৰাকীয়ে উল্লেখ কৰা অনুসৰি,লক ডাউনৰ সময়ত তেওঁলোকে কল খেতিৰ পৰা উপাৰ্জন কৰিছে 1 কোটি টকা ৷

প্ৰায় 300 বিঘা মাটিত কল খেতি কৰি, উপাৰ্জনৰ পথ প্ৰশস্ত কৰিছে যুৱকগৰাকীয়ে

কেৱল ইমানেই নহয় সেই টকাৰে তেওঁ ক্ৰয় কৰিছে 14 লক্ষাধিক টকাৰ এখন বিলাসী বাহনো ৷ উল্লেখ্য যে,মিকাছে তেওঁৰ নিজৰ লগতে তেওঁৰ বন্ধু বীৰেণৰ সহযোগত দহ গৰাকীকৈ নিৱনুৱা যুৱকক প্ৰদান কৰিছে কৰ্মসংস্থাপন ৷ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে আদৰ্শস্বৰূপ মিকাছৰ মতে,ভাৰতত খেতি অবিহনে নাই অন্য গত্যন্তৰ ৷ যাৰ বাবে তেওঁ উঠি অহা যুৱ চামক আহ্বান জনায়,তেওঁলোকে যাতে ঘৰতে বহি নাথাকি বৰ্ধিত আয়সম্পন্ন খেতি কৰি নিজকে স্বাৱলম্বী কৰি তোলে ৷

লগতে পঢ়ক: বিকল্প পদ্ধতিৰে মাছ পালনেৰে স্বাৱলম্বী তিনি যুৱক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.