ETV Bharat / state

কোকৰাঝাৰত ডাইনী সন্দেহঃ কথমপি প্ৰাণ ৰক্ষা এজনৰ - suspecting a men as Witch

কোকৰাঝাৰ জিলাৰ স্মৃতিঝৰা গাঁৱত বসবাস কৰা এজন মানুহৰ ঘৰত তেওঁৰ অঞ্চলৰে ৮ জন মানুহে ঘৰত সোমাই তালাচী চলায় ৷ নিশা অহা সেই লোক কেইজনে ভুক্তভোগীজনক একেখন গাঁৱৰে এগৰাকী মহিলাৰ অসুস্থতাৰ বাবে দায়ী কৰে ৷

A group of people search a house for suspecting a men as Witch
কোকৰাঝাৰত ডাইনী সন্দেহঃ কথমপি প্ৰাণ ৰক্ষা এজনৰ
author img

By

Published : Feb 19, 2021, 5:15 PM IST

ধুবুৰী, 19 ফেব্ৰুৱাৰী: বিজ্ঞানৰ উন্নতিৰে গঢ় লৈ উঠিছে অত্যাধুনিক সমাজ ব্যৱস্থা ৷ কিন্তু তাৰ মাজতো ঠায়ে ঠায়ে এতিয়াও কুসংস্কাৰ-অন্ধবিশ্বাসে থিতাপি হৈ আছে । তেনেই এক ঘটনাত যোৱা নিশা কথামপি প্ৰাণৰক্ষা পৰিল এজন লোকৰ ।

অভিযোগ অনুসৰি, কোকৰাঝাৰ জিলাৰ স্মৃতিঝৰা গাঁৱত বসবাস কৰা এজন মানুহৰ ঘৰত তেওঁৰ অঞ্চলৰে ৮ জন মানুহে ঘৰত সোমাই তালাচী চলায় ৷ নিশা অহা সেই লোক কেইজনে ভুক্তভোগীজনক একেখন গাঁৱৰে এগৰাকী মহিলাৰ অসুস্থতাৰ বাবে দায়ী কৰে ৷ ভুক্তভোগীৰ মতে বৃহস্পতিবাৰে নিশা 8 জন লোকে তেওঁক ডাইনী সন্দেহ কৰি ক্ষতি কৰাৰ উদ্দেশ্যে প্ৰৱেশ কৰিছিল ৷

ইতিমধ্যে এই ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে আৰক্ষীৰ কাষ চাপিছে ৷ ইতিমধ্যে আৰক্ষীয়ে 25/2021 U/S 4/7/10/11 of The Assam Witch Hunting prohibition and protection Act 2015 ৰ অধীনত গোচৰ ৰুজু কৰিছে ৷ ইফালে আৰক্ষীয়ে উক্ত ঘটনাৰে জড়িত 8 জন অভিযু্ক্তকো কৰায়ত্ত কৰি তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: সামাজিক মাধ্যমত পিতৃ-কন্যাৰ ফটো বিকৃত কৰি গ্ৰেপ্তাৰ যুৱক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.