ETV Bharat / state

গুৱাহাটীৰ পৰা পদযাত্ৰা কৰা শ্ৰমিকক শ্ৰীৰামপুৰত কোৱাৰেন্টাইন - শিলিগুৰি

গুৱাহাটীৰ পৰা পদযাত্ৰা কৰি গোসাঁইগাঁৱৰ স্ব গৃহলৈ উভতা চাৰি গৰাকী শ্ৰমিকক শ্ৰীৰামপুৰৰ কোৱাৰেন্টাইন শিবিৰলৈ প্ৰেৰণ ৷

4 laborers in quarantine
গুৱাহাটীৰ পৰা পদযাত্ৰা কৰা শ্ৰমিক শ্ৰীৰামপুৰত কোৱাৰেন্টাইন
author img

By

Published : Apr 27, 2020, 12:16 PM IST

গোসাঁইগাঁও, 27 এপ্ৰিলঃ লক ডাউন চলি থকাৰ মাজতে গুৱাহাটীৰ পৰা পদযাত্ৰা কৰি গোসাঁইগাঁৱৰ স্বগৃহলৈ উভতা চাৰি গৰাকী শ্ৰমিকক আজি গোসাঁইগাঁও আৰক্ষীয়ে কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰে ৷ জানিব পৰা মতে গোসাঁইগাঁও মহকুমাৰ ভাওঁৰাগুৰী নিৱাসী ৰামপ্ৰসাদ দাস (৪৫),নাদিৰ হুচেইন (৫০),নিখিল মজুমদাৰ (২২) আৰু আমিনুৰ হুছেইন (৩৫) নামৰ শ্ৰমিক কেইগৰাকীয়ে গুৱাহাটীৰ চাংচাৰিত নির্মীয়মান এইমচ‌ হাস্পতালৰ নিৰ্মাণ কাৰ্যত নিয়োজিত হৈ আছিল যদিও লক ডাউন ঘোষণা কৰাৰ ফলত তেওঁলোক কৰ্মস্থলীতে আবদ্ধ হৈ পৰিছিল ৷ অতি কষ্টৰ মাজত বিগত এমাহে নিৰ্মাণস্থলীতে অতিবাহিত কৰাৰ পিছত যোৱা ২২ এপ্ৰিলৰ দিনা চাৰিও গৰাকী শ্ৰমিকে নিজ গৃহলৈ বুলি পদযাত্ৰা আৰম্ভ কৰে ৷ গোসাঁইগাঁও মহকুমাৰ ভাওঁৰাগুৰী নিৱাসী শ্ৰমিক কেইজনে চাৰি দিনৰ অন্তত আজি ভাওৰাগুৰীত উপস্থিত হোৱাৰ পিছত আৰক্ষীয়ে শ্ৰমিক কেইজনক অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰৰ কোৱাৰেন্টাইন শিবিৰলৈ প্ৰেৰণ কৰে ৷ ইপিনে দেওবাৰে শোণিতপুৰ জিলাৰ নিৱাসী জিতেন স্বৰ্গিয়াৰী (৫৫) নামৰ এগৰাকী লোক আলিপুৰ দুৱাৰ ৰে'ল ষ্টেচনৰ পৰা ৰে'ল লাইনেৰে পদযাত্ৰা কৰি গোসাঁইগাঁৱত উপস্থিত হয় ৷ দিল্লীৰ এখন হোটেলত কৰ্মচাৰী হিচাপে কৰ্মৰত জিতেন স্বৰ্গিয়াৰী শিলিগুৰিলৈ ৰে'লযোগে অহাৰ পিছত পদযাত্ৰা আৰম্ভ কৰে আৰু অতি কষ্টৰ মাজত অসম-বংগ সীমান্ত অতিক্ৰম কৰি গোসাঁইগাঁৱত উপস্থিত হয় যদিও দেওবাৰে বিয়লি প্ৰায় পাঁচ বজাত জিতেন স্বৰ্গিয়াৰীক আৰক্ষীয়ে 14 দিনৰ বাবে শ্ৰীৰামপুৰৰ কোৱাৰেন্টাইন শিবিৰত ৰখাৰ ব্যৱস্থা কৰে ৷

গুৱাহাটীৰ পৰা পদযাত্ৰা কৰা শ্ৰমিক শ্ৰীৰামপুৰত কোৱাৰেন্টাইন

লগতে পঢ়কঃ COVID-19ৰ সমান্তৰালকৈ আন এক মহামাৰীৰ সংক্ৰমণ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.