কোকৰাঝাৰ, ৭ জানুৱাৰী : বড়োলেণ্ডত অঘটন ৷ হঠাতে আটক কৰা হ’ল তিনিজনকৈ বড়োলেণ্ডৰ নেতাক ৷ আটকাধীন নেতাকেইজন হ’ল বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ কাৰ্যকৰী সভাপতি দাওৰাও দেখ্ৰেৱ নাৰ্জাৰী, বিপিএফৰ নেতা তথা প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰী আৰু সদৌ বিটিএডি ঠিকাদাৰ সন্থাৰ সভাপতি বিক্ৰম দৈমাৰী (3 BTAD leader arrested) ৷
শুকুৰবাৰৰ মাজ নিশা কোকৰাঝাৰ সদৰ আৰক্ষীয়ে পৃথকে পৃথকে আটক কৰে বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ কাৰ্যকৰী সভাপতি দাওৰাও দেখ্ৰেৱ নাৰ্জাৰী, বিপিএফৰ নেতা তথা প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰী আৰু সদৌ বি টি এ ডি ঠিকাদাৰ সন্থাৰ সভাপতি বিক্ৰম দৈমাৰীক ৷ জানিব পৰা মতে, কোকৰাঝাৰ আৰক্ষীয়ে শুকুৰবাৰৰ মাজনিশা 2 - 2:30 মান বজাত কোকৰাঝাৰৰ চহৰৰ মাইবং নৌগৰৰ বাসভৱনৰ পৰা দাওৰাও দেখ্ৰৱ নাৰ্জাৰীক আটক কৰে ৷
হিতেশ বসুমতাৰীকো শুকুৰবাৰে কোকৰাঝাৰ আৰক্ষীয়ে বাগছা জিলাৰ মছুলপুৰৰ পৰা আটক কৰি আনে ৷ ইয়াৰ বিপৰীতে শণিবাৰৰ পুৱতি নিশা ৪ মান বজাত গোসাইগাঁৱৰ সাপকাটাৰ শহুৰেকৰ ঘৰৰ পৰা পৰা বিক্ৰম দৈমাৰীক আটক কৰে ৷ বিক্ৰম দৈমাৰীৰ ঘৰ ওদালগুৰি জিলাত বুলি জানিবলৈ পৰা গৈছে ৷
অৱশ্যে তিনিওজনকে আটক কৰাৰ কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই আৰু আৰক্ষীও এই সন্দৰ্ভত এতিয়ালৈকে সংবাদ মাধ্যমৰ আগত মুখ খোলা নাই ৷ তিনিওজন সম্প্ৰতি কোকৰাঝাৰ সদৰ থানাত আৰক্ষীৰ জিম্মাত আছে ৷ ইতিমধ্যে কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিং কোকৰাঝাৰ সদৰ থানাত উপস্থিত হৈ তিনিওজনৰ লগতে মাৰাথন জেৰা অব্যাহত ৰাখিছে বুলি জানিবলৈ পৰা গৈছে ৷
ইপিনে তিনিজনকৈ নেতাক আটক কৰাক লৈ কোকৰাঝাৰ তথা বি টি আৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷ কোকৰাঝাৰ সদৰ থানাতো সস্তম কৰি ৰখা হৈছে আৰক্ষী আৰু চি আৰ পি এফ জোৱান ৷ ইপিনে দাওৰাও দেখ্ৰৱ নাৰ্জাৰী বিভিন্ন সময়ত জনজাতিৰ ভূমি সংৰক্ষণৰ লগতে শেহতীয়া সমষ্টি পুনৰ নিৰ্দ্ধাৰণক লৈ মন্তব্য আগবঢ়াই অহা পৰিলক্ষিত হৈছিল ৷ যাৰ বাবে হয়তো আৰক্ষীয়ে আটক কৰাৰ সন্দেহ প্ৰকাশ কৰিছে বনছুৰ নেতৃত্বই (Bodo National Students’ Union) ৷
উল্লেখ্য যে, আটকাধীন লোককেইজনক বৰ্তমানলৈ পৰিয়ালৰ লোকৰ সতে সাক্ষাৎ কৰিবলৈ দিয়া হোৱা নাই বুলি জানিবলৈ পৰা গৈছে ৷
লগতে পঢ়ক : City buses seized by transport department: ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি চিটি বাছ চালক, হেণ্ডিমেনৰ প্ৰতিবাদ