ETV Bharat / state

গালৱান সীমান্তত শ্বহীদ সেনাক সামূহিক বন্তি প্ৰজ্বলনৰে কোকৰাঝাৰত শ্ৰদ্ধাঞ্জলী

author img

By

Published : Jun 21, 2020, 8:49 PM IST

গালৱান উপত্যকাত চীন আৰু ভাৰতৰ মাজত সৃষ্টি হোৱা সংঘাটত শ্বহীদ হোৱা ২০ জন ভাৰতীয় সেনা জোৱানৰ আত্মাৰ সদগতি কামনাৰে উত্তৰ পূৰ্বোত্তৰ সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছুৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত দেওবাৰে বন্তি প্ৰজ্বলন কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷ লগতে চীনক অৰ্থনৈতিক দিশত দুৰ্বল কৰিবলৈ জনতাক চীনা সামগ্ৰী বৰ্জনৰ আহ্বান জনায় সংগঠনটোৱে ।

20 Indian Soldiers Martyred In Galwan Valley

কোকৰাঝাৰ ২১ জুন : ভাৰত-চীন সীমান্তবৰ্তী গালৱান উপত্যকাত চীন আৰু ভাৰতৰ মাজত সৃষ্টি হোৱা সংঘাতত শ্বহীদ হোৱা ২০ জন ভাৰতীয় সেনা জোৱানৰ আত্মাৰ সদগতি কামনাৰে উত্তৰ পূৰ্বোত্তৰ সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছুৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত দেওবাৰে বন্তি প্ৰজ্বলন কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷ 

20 Indian Soldiers Martyred In Galwan Valley
গালৱান সীমান্তত শ্বহীদ সেনাক সামূহিক বন্তি প্ৰজ্বলনৰে কোকৰাঝাৰত শ্ৰদ্ধাঞ্জলী

এই উপলক্ষে কোকৰাঝাৰ চহৰৰ শিশু উদ্যানৰ সমীপত আজি সন্ধিয়া নেমছুই শ্বহীদ সেনা জোৱানৰ স্মৃতিত সমুহীয়া বন্তি প্ৰজ্বলন কৰি নেমছুৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাংগঠনিক সম্পাদক তথা বিটিএডিৰ তত্বাৱধায়ক আব্দুল মান্নান খানে গালৱানত চীনা সৈন্যৰ আক্ৰমণত শ্বহীদ হোৱা ভাৰতীয় সেনা জোৱানৰ বলিদানক ৰোমন্থন কৰি বীৰ শ্বহীদ জোৱান সকলৰ আত্মাৰ চিৰশান্তি কামনা কৰে । 

কাৰ্যসূচীৰ অন্তত নেমছুৰ নেতাই চীনা সৈন্যই বৰ্বৰভাৱে ভাৰতীয় সেনা জোৱানক হত্যা কৰা ঘটনাক নিন্দা দি চীনক অৰ্থনৈতিক দিশত দুৰ্বল কৰিবলৈ জনতাক চীনা সামগ্ৰী বৰ্জনৰ আহ্বান জনায় ৷

উল্লেখযোগ্য যে, বন্তি প্ৰজ্বলন কাৰ্যসূচীত নেমছুৰ জিলা সভাপতি জহিৰুল ইছলাম, কাৰ্যকৰী সভাপতি অলেবৰ আলি আৰু সাধাৰন সম্পাদক মফিজুল হক উপস্থিত থাকে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.