ETV Bharat / state

চৰকাৰী বিদ্যালয়ৰ ফলাফলত হতাশ স্থানীয় ৰাইজ

author img

By

Published : Jun 8, 2020, 12:54 PM IST

দক্ষিণ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ অন্তৰ্গত ঘুগৰাকোনা পাব্লিক হাইস্কুলৰ ফলাফলে চিন্তান্বিত কৰি তুলিছে স্থানীয় লোকক ৷ কিয়নো 2012 চনৰ পিচৰে পৰাই এই বিদ্য়ালয়খনে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ক্ষেত্ৰত দেখুৱাৰ পৰা নাই সন্তোষজনক ফলাফল ৷

you would also wondered after knowing the matric result of a school in karimganj

কৰিমগঞ্জ, 8 জুনঃ প্ৰতি বছৰে কৰিমগঞ্জৰ এখন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ দৰমহাৰ বাবে চৰকাৰে বহন কৰিবলগীয়া হয় প্ৰায় 50 লক্ষাধিক টকাৰ খৰচ ৷ কিন্তু সেই বিদ্যালয়খনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল গম পালে আপুনিও আচৰিত হ'ব ৷ দক্ষিণ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ অন্তৰ্গত ঘুগৰাকোনা পাব্লিক হাইস্কুলত এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ হৈছে 12.5 শতাংশ ৷ জানিব পৰা মতে 9 গৰাকীকৈ শিক্ষক থকা বিদ্যালয় খনৰ পৰা এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল 48 গৰাকী শিক্ষাৰ্থী ৷ কিন্তু 48 গৰাকী শিক্ষাৰ্থীৰ বিপৰীতে বিদ্যালয়খনত উত্তীৰ্ণ হৈছে কেৱল 6 গৰাকীহে শিক্ষাৰ্থী ৷

কৰিমগঞ্জৰ এখন বিদ্যালয়ৰ ফলাফলে আপোনাকো কৰিব আচৰিত !

উত্তীৰ্ণ শিক্ষাৰ্থী কেইগৰাকীৰ ভিতৰত দুগৰাকী দ্বিতীয় বিভাগত আৰু চাৰিগৰাকী শিক্ষাৰ্থী তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ৷ বিদ্যালয়খনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এনে ফলাফলক লৈ সম্প্ৰতি চিন্তিত হৈ পৰিছে স্থানীয় লোক ৷ কিয়নো 1975 চনতে স্থাপিত হোৱা বিদ্যালয়খনে 2012 চনৰ পিচৰে পৰাই আশানুৰূপ ফলাফল দেখুওৱাৰ ক্ষেত্ৰত ব্যৰ্থ হৈ আহিছে ৷ স্থানীয় ৰাইজে উল্লেখ কৰা অনুসৰি 2012 চনৰ পূৰ্বে এই বিদ্যালয়খনৰ বহু ছাত্ৰ-ছাত্ৰীয়ে ভাল ফলাফল লাভ কৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল ৷ 2012 চনত প্ৰদীপ মালাকাৰ নামৰ শিক্ষক গৰাকীয়ে প্ৰধান শিজ্ঞকৰ দায়িত্বভাৰ লোৱাৰ পিচৰে পৰাই বিদ্যালয় খনৰ শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়কঃ দৰিদ্ৰতাক নেওচি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজলিল নামতিৰ ময়ূৰ পংখী গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.