কৰিমগঞ্জ, 6 নৱেম্বৰঃ কৰিমগঞ্জ জিলাত মানৱতাৰ চূড়ান্ত অৱক্ষয় ৷ মানৱ অধিকাৰ ভূ-লুন্ঠিত কৰি মৃতদেহৰ সৈতে কৰা হয় অসন্মান ৷ প্লাষ্টিক বৰ্জনৰ বাবে দেশব্যাপী প্ৰচাৰ চলি থকাৰ সময়তে ইটা ভাটাৰ মালিকৰ অবিবেচক কাণ্ড ৷ জিলাখনৰ কাহৰিয়াৰ পোৱামাৰাস্থিত ৰাজা ব্ৰিক্স ইণ্ডাষ্ট্ৰী এণ্ড ষ্টোন ক্ৰেচাৰ উদ্যোগটোৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ ৷
লগতে পঢ়কঃ ত্ৰিপুৰাত ভয়ংকৰ মানৱীয় সংকট, খাদ্য সংকট মৃত্যু শিশুসহ ছয়জনৰ
ঘটনা অনুসৰি, উক্ত ইটা ভাটাত কৰ্মৰত নজৰুল ইছলাম নামৰ শ্ৰমিকগৰাকীৰ মৃতদেহটো প্লাষ্টিকেৰে মেৰিয়াই নিজ গৃহৰ সন্মুখত এৰি থৈ যায় ইটা ভাটা কৰ্তৃপক্ষই ৷ ইটা ভাটা কৰ্তৃপক্ষই নজৰুলৰ ভাতৃক ফোনযোগে নজৰুলৰ শৰীৰৰ অৱস্থা বেয়া হোৱা বুলি জনায় ৷ পৰৱৰ্তী সময়ত মাইজগ্ৰামস্থিত নিজ গৃহলৈ অহাৰ সময়তে AS 02 5637 পঞ্জীয়নভুক্ত এখন বাহনে নজৰুলৰ মৃতদেহটো নিজ গৃহৰ আগত থৈ গুচি যায় ৷ পৰৱৰ্তী সময়ত নজৰুলক নিজ ভাতৃয়ে চিকিৎসালয়লৈ লৈ যায় যদিও বহু পূৰ্বেই নজৰুলৰ মৃত্যুৰ কথা জনায় চিকিৎসকে ৷
ঘটনাৰ পিচতে ইটা ভাটাৰ মালিক হাৰুন ৰছিদৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে নজৰুলৰ পৰিয়ালৰ লোকে ৷ কিন্তু কি কাৰণত নজৰুলৰ মৃত্যু হ'ল আৰু কিয় তেওঁৰ মৃতদেহটো প্লাষ্টিকেৰে মেৰিয়াই পঠিওৱা হ'ল সেয়া এতিয়ালৈকে পোহৰলৈ অহা নাই ৷