কৰিমগঞ্জ, 17 অক্টোবৰ : কৰিমগঞ্জ এওলাবাড়ি চাহ বাগিচাৰ কৃষ্ণ নগৰ পঞ্চায়তৰ বৃন্দা শৰ্মা নামৰ মহিলাগৰাকী বঞ্চিত চৰকাৰী আঁচনিৰ পৰা ৷ গাঁও পঞ্চায়তৰ প্ৰতিনিধিয়েও এই সম্পৰ্কত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে একাংশ ৰাইজে ৷ থাকিবলৈ এটা ঘৰো নথকা মহিলাগৰাকীৰ পৰিয়ালে আজিলৈ এটা চৰকাৰী আৱাস যোজনাৰ ঘৰো লাভ নকৰিলে ৷
উল্লেখ্য যে,এই মহিলাগৰাকীৰ স্বামী বহু সম্পত্তিৰ গৰাকী আছিল ৷ কিন্তু স্বামীৰ মৃত্যুৰ পাচত মহিলাগৰাকীৰ দেৱৰেকে কাঢ়ি লৈছিল সকলো সম্পত্তি ৷ আনহাতে, দেৱৰেক প্ৰণৱ শৰ্মা হৈছে এখন বিদ্যালয়ৰ প্ৰধান শিক্ষক ৷ ইমানৰ পাচতো মহিলাগৰাকীক তেওঁ কোনো সহায় প্ৰদান নকৰে বুলি অভিযোগ উত্থাপন হৈছে ৷
লগতে পঢ়ক : বাক্সাৰ বাঙালীপাৰাত বি জে পিৰ কৰ্মীয়ে চুৰিকাঘাত কৰিলে যুৱকক