কৰিমগঞ্জ, 15 ডিচেম্বৰ : বিগত কিছু মাহৰ পৰা অসুস্থ অৱস্থাত থকা এজনী মাইকী হাতীয়ে অৱশেষত মৃত্যুৰ আগত হাৰ মানিব লগা হ'ল । সোমবাৰে মৃত্যু হয় অসুস্থ অৱস্থাত থকা হাতীজনীৰ ।
চাম্পাবাৰী এলেকাৰ চাকমা বস্তীৰ বোকাময় এটা স্থানত পৰি উঠিব নোৱাৰা হৈছিল হাতীজনী আৰু সেই স্থানতেই অৱশেষত মৃত্যু হয় । অসুস্থ হাতীজনীৰ চিকিৎসাৰ বাবে কাজিৰঙাৰ পৰা বিশেষজ্ঞৰ এটা দল আহি পোৱাৰ কথা আছিল যদিও দলটো আহি পোৱাৰ পূৰ্বেই মৃত্যুক সাৱটি লয় হাতীজনীয়ে ৷
আনহাতে, বহুদিন ধৰি অসুস্থ হাতীজনীয়ে উপযুক্ত চিকিৎসা সেৱা নোপোৱাৰ অভিযোগ কৰি আহিছিল একাংশ ৰাইজে । তথাপিও বন বিভাগে কেৱল স্থানীয় পশু চিকিৎসকৰ সহযোগত প্ৰাথমিক চিকিৎসাহে প্ৰদান কৰিছিল বুলি অভিযোগ উত্থাপন হৈছে ৷
লগতে পঢ়ক : অসহায় যুৱতীক ৰক্ষা কৰিবলৈ গৈ আক্ৰমণৰ বলি সাংবাদিক