ETV Bharat / state

কৰিমগঞ্জত স্বামীয়ে হত্যা কৰিলে পত্নীক

কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি সমষ্টিৰ মধুৰবন্দ গাঁৱত সংঘটিত হত্যাৰ ঘটনা ৷ বিয়াৰ মাত্ৰ 9 দিনৰ পাচতে ডিঙি ৰেপি পত্নীক হত্যা কৰিলে স্বামীয়ে ৷ অভিযুক্তই নিজ মুখে হত্যাৰ বিষয়ে স্বীকাৰ কৰিছে যদিও হত্যাৰ আঁৰৰ কাৰণ বৰ্তমানেও জানিব পৰা যোৱা নাই ৷

author img

By

Published : Sep 12, 2020, 10:36 PM IST

স্বামীয়ে হত্যা কৰিলে পত্নীক
স্বামীয়ে হত্যা কৰিলে পত্নীক

কৰিমগঞ্জ, 12 ছেপ্তেম্বৰ: বিয়াৰ কেৱল 9 টা দিনৰ পাচতে ডিঙি ৰেপি নিজ পত্নীক হত্যা কৰিলে স্বামীয়ে ৷ এই ঘটনা সংঘটিত হৈছে কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি সমষ্টিৰ মধুৰবন্দ গাঁৱত ৷ সাংবাদিকৰ কেমেৰাৰ আগত আকিব উদ্দিনে নামৰ লোক গৰাকীয়ে তেওঁৰ পত্নী আফছানা বেগমক হত্যা কৰাৰ কথা স্বীকাৰ কৰিলে নিজ মুখে ৷

কৰিমগঞ্জত স্বামীয়ে হত্যা কৰিলে পত্নীক

শুকুৰবাৰে এক নিমন্ত্ৰণ ৰক্ষা কৰি শহুৰেকৰ ঘৰলৈ গৈছিল আকিব উদ্দিন ৷ নিশাৰ আহাৰ গ্ৰহণ কৰি দুয়ো শুবলৈ যায় ৷ কিন্তু নিশাই ঘটে অঘটন ৷ অভিযুক্ত স্বামীয়ে মিজ পত্নীক হত্যা কৰি, সেই হত্যাৰ অভিযোগ যাতে বেলেগলৈ উত্থাপিত হয় সেই উদ্দেশ্য ঘৰৰ বাহিৰত থৈ আহে মৃতদেহ ৷ কিন্তু শহুৰেকৰ পৰিয়ালৰ সন্দেহ হোৱাত সমগ্ৰ ঘটনা সন্দৰ্ভত তেওঁলোকে আৰক্ষীক জনোৱাৰ পাচতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ অভিযুক্ত আকিব উদ্দিনক আটক কৰি নিয়ে ৷ অৱশ্যে বৰ্তমানেও অভিযুক্তই পত্নীক হত্যা কৰাৰ কোনো গ্ৰহণযোগ্য কাৰণ দৰ্শোৱা নাই ৷ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক: মহানগৰীত দিন দুপৰতে শিলেৰে কোবাই হত্যা বৃদ্ধক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.