কৰিমগঞ্জ, 9 এপ্ৰিলঃ0 এ আই ইউ ডি এফৰ বিধায়ক আজিজ আহমদ খানৰ এক ভিডিঅ' ছ'ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ লগে লগে খলকনিৰ সৃষ্টি হৈছে এ আই ইউ ডি এফৰ শিবিৰত ৷ সকলো জল্পনা কল্পনাৰ অন্ত পেলাই কৰিমগঞ্জ লোকসভা সমষ্টিত ৰাধেশ্যাম বিশ্বাসক প্ৰাৰ্থীত্ব প্ৰদান কৰি সমষ্টিটো পুনৰুদ্ধাৰৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তোলাৰ সময়তে এই ভিডিঅ'ই মূৰৰ কামোৰণিৰ সৃষ্টি কৰিছে ৷
বিধায়ক আজিজৰ এই ভিডিঅ'টোত তেওঁক কংগ্ৰেছ দলক ভোট দিবৰ বাবে আহ্বান জনোৱা দেখা গৈছে ৷ এ আই ইউ ডি এফৰ এখন নিৰ্বাচনী সভাতে এই মন্তব্য আজিজ আহমদৰ ৷