কৰিমগঞ্জ, 13 ডিচেম্বৰ: কৰিমগঞ্জত এখন বৰযাত্ৰী গঢ়িওৱা বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ দৰা কইনা সহ বহু কেইগৰাকী বিবাহ যাত্ৰী আঘাতপ্ৰাপ্ত হৈছে ৷ ঘন কুঁৱলীৰ বাবে সংঘটিত হোৱা উক্ত দুৰ্ঘটনাত দৰা কইনাৰ লগতে অন্য 17 গৰাকী লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ৷

জানিব পৰা মতে শিলচৰৰ পৰা বিবাহকাৰ্য সম্পন্ন কৰি ঘৰলৈ দৰাৰ ঘৰলৈ উভতাৰ পথত কৰিমগঞ্জ জিলাৰ ত্ৰিপুৰা সংযোগী চান্দখিৰা কাঠলতলী বিকল্প পথত নিশা উক্ত ঘটনা সংঘটিত হয় ৷ ঘন কুঁৱলীৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই বৰযাত্ৰী কঢ়িওৱা ক্ৰুইজাৰ বাহনখন আখাইদুম অঞ্চলত পথৰ পৰা বাগৰি পৰে ৷
দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ AS 10 AC 4699 বুলি জানিব পৰা গৈছে ৷ প্ৰাপ্ত খবৰ অনুসৰি দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত নিশাৰ ভাগত আঘাতপ্ৰাপ্ত আটাইকে পাথাৰকান্দি সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয় যদিও প্ৰায় সকলোৰে অৱস্থা সংকটজনক হোৱাৰ বাবে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷
লগতে পঢ়ক:কৰিমগঞ্জত ৰে'লৰ খুন্দাত নিহত যুৱক