ETV Bharat / state

ষাঁড়গৰুৱে চলালে ইন্ধনহীন বাহন - পেট্ৰ’ল ডিজেলৰ মূল্য বৃদ্ধি

সম্প্ৰতি দেশত পেট্ৰ’ল-ডিজেলৰ ক্ৰমবৰ্ধমান মূল্যই চিন্তাত পেলাইছে সাধাৰণ জনগণক ৷ এনে সময়তে মূল্যবৃদ্ধিক লৈ কৰিমগঞ্জত কংগ্ৰেছে সাব্যস্ত কৰিলে অভিনৱ প্ৰতিবাদ ৷

unique-protest-of-karimaganj-congress-against-petrol-diesel-price-hike
ষাঁড়গৰুৱে চলালে ইন্ধনহীন বাহন
author img

By

Published : Jul 6, 2021, 7:50 PM IST

কৰিমগঞ্জ, 6 জুলাই : কৰিমগঞ্জ চহৰৰ এটা পেট্ৰ’ল পাম্পত হঠাৎ উপস্থিত হ’ল এটা প্ৰকাণ্ড ষাঁড় গৰু ৷ ষাঁড় গৰুটোৰ পিছে পিছে দেখা গ’ল এখন অটো ৰিক্সা ৷ ৰিক্সাখনৰ ইঞ্জিন বন্ধ হৈ পৰাত চালকে এডাল ৰচীৰ সহায়ত ষাঁড় গৰুটোৰ দ্বাৰা টানি চলাই নিলে ৰিক্সাখন ৷ এই দৃশ্যই ৰাইজক ভাবিবলৈ ভাধ্য কৰিলে যে অটো ৰিক্সাখন ষাঁড় গৰুৰ দ্বাৰা টনাৰ ঘটনাই আচলতে কি অৰ্থ প্ৰকাশ কৰিছে ৷

প্ৰকৃততে এই সমগ্ৰ দৃশ্যৰ জৰিয়তে উত্তৰ কৰিমগঞ্জ সমষ্টি(North Karimganj constituency)ৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ নেতৃত্বত কৰিমগঞ্জৰ কংগ্ৰেছ কৰ্মী(congress party workers) সকলে সাব্যস্ত কৰিলে পেট্ৰ’ল- ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে এক অভিনৱ প্ৰতিবাদ ৷ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ লগতে পেট্ৰ’ল ডিজেলৰ বৰ্দ্ধিত মূল্যবৃদ্ধিক লৈ ব্যতিব্যস্ত হৈ পৰিছে দেশৰ সৰ্ব-সাধাৰণ জনগণ ৷ যাৰ বাবে প্ৰতিবাদত নামিছে ৰাজ্যৰ বিৰোধী দল কংগ্ৰেছৰ লগতে আন দল-সংগঠন সমূহ ৷

মঙলবাৰৰ দিনটোত দেশত পেট্ৰ’লৰ মূল্যই শতকৰ সংখ্যা নেওচি একে কোবে 105.62 টকা চুলেগৈ ৷

ষাঁড়গৰুৱে চলালে ইন্ধনহীন বাহন

উল্লেখযোগ্য যে, মুম্বাই চহৰত পেট্ৰ’লৰ মূল্য সৰ্বাধিক 105.62 টকা হোৱাৰ সময়তে দেশৰ আন আন কেইখনমান শীৰ্ষ চহৰ যেনে দিল্লীত 99.51 টকা, চেন্নাইত 100.44 টকা , কলিকতাত 99.49 টকা হোৱাৰ লগতে হায়দৰাবাদত ইয়াৰ মূল্য হ’লগৈ 99.99 টকা ৷ ইফালে, অসমতো মঙলবাৰৰ দিনটোত গড় হিচাপত পেট্ৰ’লৰ মূল্য হ’লগৈ প্ৰায় 96 টকাৰো অধিক ৷ ডিজেলৰ বৰ্ধিত মূল্যয়ো সাধাৰণ ৰাইজক জুৰুলা কৰা দেখা গৈছে ৷

মঙলবাৰৰ দিনটোত দেশত ডিজেলৰ মূল্য হ’লগৈ সৰ্বাধিক 96.95 টকা ৷ পেট্ৰ’লৰ দৰেই ডিজেলৰ মূল্যবৃদ্ধিৰ ক্ষেত্ৰতো শিখৰত উপনীত হৈছে দেশৰ বাণিজ্যিক ৰাজধানী মুম্বাই চহৰ(business capital of india) ৷ একে সময়তে অসমতো মঙলবাৰে ডিজেলৰ গড় মূল্য হ’লগৈ প্ৰায় 89 টকা ৷ ইন্ধনৰ এনে মূল্যবৃদ্ধিৰ সময়ত কৰিমগঞ্জ কংগ্ৰেছৰ অভিনৱ প্ৰতিবাদে চহৰখনৰ ৰাইজক এই বিষয়ে আকৌ এবাৰ ভাবিবলৈ বাধ্য কৰালে ৷

লগতে পঢ়ক : কেবিনেট সম্প্ৰসাৰণ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.