ETV Bharat / state

কৰিমগঞ্জত নিৰ্বাচনী প্ৰচাৰ চলালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে - অসম বিধান সভা নিৰ্বাচন ২০২১

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ শেষ হোৱাৰ পাচতে তুংগত উঠিছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ ৷ শুকুৰবাৰে পুনৰ ৰাজ্যত প্ৰচাৰ চলোৱাৰ উদ্দেশ্য উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ চাৰিটা স্থানত প্ৰচাৰ চলালে গৃহমন্ত্ৰী গৰাকীয়ে ৷

কৰিমগঞ্জত নিৰ্বাচনী প্ৰচাৰ চলালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে

author img

By

Published : Mar 26, 2021, 9:31 PM IST

কৰিমগঞ্জ, 26 মাৰ্চ: ৰাজ্যত বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ শেষ হোৱাৰ পাচতে তুংগত উঠিছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ ৷ শুকুৰবাৰে পুনৰ ৰাজ্যত প্ৰচাৰ চলোৱাৰ উদ্দেশ্য উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ চাৰিটা স্থানত প্ৰচাৰ চলালে গৃহমন্ত্ৰী গৰাকীয়ে ৷ কমলপুৰত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পাচতে জাগিৰোড আৰু কৰিমগঞ্জত প্ৰচাৰ চলালে অমিত শ্বাহে ৷ কৰিমগঞ্জৰ পাথাৰকান্দি সমষ্টিৰ বিজেপি প্ৰাৰ্থী গৰাকীৰ হৈ প্ৰচাৰ চলাই কংগ্ৰেছত কঠোৰ ভাষাৰে সমালোচনা কৰে ৷

ভাষণ প্ৰসংগত গৃহমন্ত্ৰী গৰাকীয়ে কয়, চাহ জনজাতি সহ মণিপুৰী, বঙালিকে ধৰি বিভিন্ন ঠাইৰ পৰা অহা লোকৰ সমাহাৰেৰে ভাৰতৰ সভ্যতাক উজলাই তুলিছে পাথাৰকান্দি সমষ্টিটোৱে ৷ ইফালে কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতাক সমালোচনাৰ লক্ষ্য কৰি গৃহমন্ত্ৰী গৰাকীয়ে কয়, বদৰুদ্দিন আজমল কেতিয়াও অসমৰ প্ৰতীক হ'ব নোৱাৰে ৷ কংগ্ৰেছে মহাজোঁটৰ জৰিয়তে আজমলক অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পথ মুকলি কৰি দিছে ৷

ইফালে, প্ৰিয়ংকা গান্ধীক সমালোচনা কৰি অমিত শ্বাহে কয়, চাহ বাগিছাত এতিয়াও পাত লগা নাই, কিন্তু অসমলৈ আহি চাহপাত ছিগা দেখুৱাই অসমৰ লোকৰ মন কাঢ়িবলৈ চেষ্টা চলাইছে প্ৰিয়ংকা গান্ধীয়ে ৷ উন্নয়ণৰ খতিয়ান দাঙি ধৰি চাহ জনগোষ্ঠীৰ লোক সকলৰ বাবে ১০০০ কোটি টকা ধাৰ্য্য কৰা হৈছে বুলি উল্লেখ কৰে ৷ অসমক বান মুক্ত কৰাৰ বাবে ছেটেলাইটেৰে সমীক্ষা চলাব বুলিও উল্লেখ কৰে গৃহমন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়ক: তিনিচুকীয়াত কটকটীয়া নিৰাপত্তা ব্যৱস্থা আৰক্ষী প্ৰশাসনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.