কৰিমগঞ্জ, 4 আগষ্টঃ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেবৰ পলিয়ালৰ দুজন সদস্যৰ দেহত ধৰা পৰিছে মহামাৰী COVID-19ৰ উপস্থিতি ৷ মঙলবাৰে মুখ্যমন্ত্ৰী গৰাকীয়ে টুইটযোগে সদৰি কৰিলে এই কথা ৷ বিপ্লৱ দেৱে ইতিমধ্যে কৰ'ণা টেষ্ট কৰিছে যদিও তাৰ ৰিপৰ্ট অহা নাই বুলি সদৰি কৰাৰ লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে নিজে কোৱাৰেণ্টাইন হৈ থকা বুলি উল্লেখ কৰে ৷ উল্লেখ্য যে,ত্ৰিপুৰাত লক ডাউনৰ মাজতে বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্তৰ সংখ্যা ৷
ত্ৰিপুৰাত বৰ্তমান পৰ্যন্ত মহামাৰী কৰ'ণাত আক্ৰান্ত হৈছে 5,520 গৰাকী ব্যক্তি ৷ ইয়াৰ ভিতৰত ইতিমধ্যে 3,675 গৰাকী ব্যক্তি আৰোগ্য হৈ উঠাৰ বিপৰীতে এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে 28 গৰাকী ব্যক্তি ৷
লগতে পঢ়কঃমৰাণৰ ক’ভিড কেয়াৰ চেণ্টাৰত বেমেজালিৰ অভিযোগ উপায়ুক্তক