ETV Bharat / state

ত্ৰিপুৰাত পাঁচ পাষণ্ডৰ হাতত ধৰ্ষিত এগৰাকী কিশোৰী!

author img

By

Published : Jul 23, 2020, 5:27 PM IST

ত্ৰিপুৰাৰ তেলিয়ামুৰাত পাঁচজন যুৱকে এগৰাকী কিশোৰীক ধৰ্ষণ কৰি পেলাই থৈ যায় ৰাজপথত ৷ ঘটনাৰ পিচতে উত্তপ্ত হৈ পৰে অঞ্চলটো ৷ উত্তপ্ত ৰাইজে অভিযুক্তৰ বাসগৃহ ভাঙি অগ্নিসংযোগ কৰে ৷

TRIVAL GIRL GANG RAPE tripura
ত্ৰিপোৰাত পাঁচ পাষণ্ডৰ হাতত ধৰ্ষিত এগৰাকী কিশোৰী!

কৰিমগঞ্জ,23 জুলাই: ত্ৰিপুৰাৰ তেলিয়ামুৰাত ভয়ংকৰ ঘটনা ৷ এগৰাকী উপজাতি নাবালিকা কিশোৰীক পাঁচজন যুৱকে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় তীব্ৰ চাঞ্চল্য ৷ স্থানীয় ৰাইজে অভিযুক্তৰ বাসগৃহ ভাঙি অপৰাধীৰ এলেকাত অগ্নিসংযোগ কৰি উত্তপ্ত কৰি তোলে পৰিস্থিতি ৷

ত্ৰিপুৰাত পাঁচ পাষণ্ডৰ হাতত ধৰ্ষিত এগৰাকী কিশোৰী!

প্ৰাপ্ত তথ্য অনুসৰি,মঙলবাৰে সন্ধিয়া উপজাতি সম্প্ৰদায়ৰ এগৰাকী কিশোৰী তেওঁৰ 20 বছৰীয়া প্ৰেমিকৰ সৈতে স্থানীয় ইকো পাৰ্কলৈ ফুৰিবলৈ গৈছিল ৷ দুয়োজনে পাৰ্কৰ পৰা উভতি অহাৰ সময়তে সংঘটিত হয় ঘটনাটো ৷ প্ৰেমিক কিশোৰ আৰু কিশোৰীগৰাকীয়ে ঘৰলৈ আহিবৰ বাবে অটো ষ্টেন্ডত ৰৈ আছিল ৷ সেই সময়তে কিশোৰজনৰ পৰিচিত কাশেম মিঞা আৰু জাহেদ মিঞাই অট' লৈ আহি আছিল আৰু দুয়োকে ৰৈ থকা দেখি প্ৰেমিকাগৰাকীক ঘৰলৈ বুলি লৈ আহিছিল ৷ প্ৰেমিকাগৰাকীক ঘৰলৈ পঠিয়াই প্ৰেমিকজনেও নিজ ঘৰলৈ উভতি আহিছিল ৷

অন্য এক খবৰৰ বাবে: বিজেপি কৰ্মীৰে সংঘৰ্ষত আহত আৰক্ষী

যাত্ৰা পথতে কাশেম আৰু জাহেদে তেওঁলোকৰ বন্ধু আহমেদ আলি,গণি মিঞা আৰু আন এগৰাকী যুৱকক খবৰ দি অন্য এক স্থানলৈ লৈ যায় কিশোৰীগৰাকীক ৷ এই পাঁচজন পাষণ্ডই কিশোৰীগৰাকীক বলপূৰ্বকভাৱে অন্য এখন বাহনত তুলি ধৰ্ষণ কৰে আৰু নিশাৰ ভাগত তেলিয়ামুৰাৰ UBI ৰ সম্মুখত পেলাই থৈ যায় ৷

ইয়াৰ পাছতে,কিশোৰীগৰাকীয়ে ফোনযোগে প্ৰেমিকক বিষয়টো অৱগত কৰে আৰু প্ৰেমিকজনে ঘটনাস্থলীলৈ আহি কিশোৰীগৰাকীক উদ্ধাৰ কৰি হাস্পতাললৈ লৈ যায় ৷ ইতিমধ্যে কিশোৰীগৰাকীৰ স্বীকাৰোক্তিৰ ভিত্তিত কাশেম মিঞা,জাহেদ মিঞা,আহমেদ আলি,গণি মিঞাসহ পাঁচজনক অভিযুক্ত বিৰুদ্ধে তেলিয়ামুৰা আৰক্ষী থানাত ৰুজু কৰা হৈছে গোচৰ ৷ এই ঘটনাটো সংঘটিত হোৱাৰ পাছতে বুধবাৰে সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হয় তীব্ৰ চাঞ্চল্য ৷ একাংশ উত্তেজিত উপজাতি সম্প্ৰদায়ৰ লোকে নিশাৰ ভাগত অভিযুক্তসকলৰ গাঁৱত আক্ৰমণ চলোৱাৰ লগতে তেওঁলোকৰ বাসগৃহবোৰ ভাঙি অগ্নিসংযোগ কৰে ৷ ঘটনাৰ লগত জড়িত এজনক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে আন চাৰিজন বৰ্তমানেও পলাতক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.