কৰিমগঞ্জ,19 জুলাইঃ পাথাৰকান্দিৰ বুবৰিঘাট চাহ বাগিছাত চাঞ্চল্যকৰ ঘটনা ৷ নিশা গণ প্ৰহাৰত মৃত্যু তিনিজন লোকৰ । সন্দেহজনক বাংলাদেশী বুলি গণ প্ৰহাৰ কৰা হয় তিনিজন লোকক ৷ মৃতদেহৰ লগতে ঘটনাস্থলীৰ পৰা পাথাৰকান্দি আৰক্ষীয়ে উদ্ধাৰ কৰিলে বহু বাংলাদেশী সামগ্ৰী । অৱশ্যে এই পৰ্যন্ত চিনাক্ত হোৱা নাই মৃতদেহকেইটাৰ পৰিচয় ৷
উল্লেখ্য যে, বিগত মাহতো অনুৰূপ ঘটনা সংঘটিত হৈছিল পুতনি চাহ বাগিছাত । গণপ্ৰহাৰত মৃত্যু হৈছিল বাংলাদেশী চোৰৰ । সন্দেহ কৰা হৈছে শনিবাৰে নিশা অঞ্চলটোত প্ৰৱেশ কৰিছিল বাংলাদেশৰ পৰা অহা চোৰৰ দলে।
![three people died of massacre at karimganj patharkandi](https://etvbharatimages.akamaized.net/etvbharat/prod-images/bigbreaking_19072020132715_1907f_1595145435_59.jpg)