ETV Bharat / state

কৰিমগঞ্জত আটক তিনি নাইজেৰিয়ান নাগৰিক - তিনি নাইজেৰিয়ান নাগৰিক

অসমত অবৈধভাৱে প্ৰৱেশৰ চেষ্টা কৰা তিনি নাইজেৰিয়ান নাগৰিকক আটক কৰিমগঞ্জত ৷ চূড়াইবাৰী আৰক্ষীৰ অনুসন্ধানত আটক নাইজেৰিয়ান নাগৰিক কেইজন ৷

Three Nigerian nationals arrested in Karimganj
কৰিমগঞ্জত আটক তিনি নাইজেৰিয়ান নাগৰিক
author img

By

Published : Sep 24, 2020, 9:20 AM IST

কৰিমগঞ্জ, 24 ছেপ্তেম্বৰ : কৰিমগঞ্জৰ বাজাৰিচৰা আৰক্ষীয়ে আটক কৰে অবৈধভাৱে অসমত প্ৰৱেশ কৰা তিনি নাইজেৰিয়ান নাগৰিকক ৷ আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, নাইজেৰিয়াৰ পৰা দিল্লীলৈ অহা নাগৰিককেইজনে দালালৰ সহায়ত অবৈধভাৱে দিল্লীৰ পৰা ত্ৰিপুৰাত ট্ৰেইনেৰে প্ৰৱেশ কৰিছিল আৰু বিগত 6 মাহ ধৰি ত্ৰিপুৰাত বাস কৰি আছিল ।

কৰিমগঞ্জত আটক তিনি নাইজেৰিয়ান নাগৰিক

বুধবাৰৰ দিনা ত্ৰিপুৰা সীমান্তৰে মাৰুটি ভানেৰে অসমত প্ৰৱেশৰ চেষ্টা চলাইছিল বিদেশী নাগৰিক কেইজনে ৷ গোপন সূত্ৰৰ ভিত্তিত চূড়াইবাৰী আৰক্ষীৰ অনুসন্ধান শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া মিন্টু শীলৰ নেতৃত্বত অভিযান চলাই অসম-ত্ৰিপুৰা সীমান্তৰ চূড়াইবাড়িত লোককেইজনক আটক কৰা হয় ৷

এই সন্দেহজনক নাগৰিককেইজনৰ পৰা মোবাইল তথা বেগসহ বিভিন্ন সামগ্ৰী জব্দ কৰে আৰক্ষীয়ে৷ আটকাধীন নাইজেৰিয়ান কেইজন বিন্সপাল সিসুজি,কর্নাট নুমানিট আৰু অলিন্স সিবুজি বুলি চিনাক্ত কৰা হৈছে । উল্লেখযোগ্য যে, দীৰ্ঘদিনৰ পৰা বাংলাদেশৰ পৰা ত্ৰিপুৰা হৈ অসমত প্ৰৱেশ কৰিছে বহু সংখ্যক নাইজেৰিয়ান নাগৰিকে ৷

লগতে পঢ়ক : ১৩৫ বছৰ পুৰণি বিভাগৰ নাম সলনিৰে নতুন নাম "লোকনিৰ্মাণ বিভাগ"

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.