কৰিমগঞ্জ, 16 নৱেম্বৰঃ পুনৰ আটক সন্দেহজনক বিদেশী নাগৰিক ৷ কৰিমগঞ্জৰ বাজাৰিচৰা আৰক্ষীয়ে আটক কৰে তিনিজনকৈ সন্দেহজনক নাইজেৰিয়ান নাগৰিকক ৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি নাইজেৰিয়াৰ পৰা বাংলাদেশলৈ অহা নাগৰিককেইজনে দালালৰ সহায়ত অবৈধভাৱে ভাৰত-বাংলা সীমান্তৰে অসমত প্ৰৱেশৰ চেষ্টা চলাইছিল ৷ গোপন সুত্ৰৰ ভিত্তিত বাজাৰিচৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মাংলেম থিকৰ নেতৃত্বত অভিযান চলাই অসম-ত্ৰিপুৰা সীমান্তৰ চূড়াইবাড়িত তেওঁলোকক আটক কৰা কৰিবলৈ সক্ষম হয় ৷ এই সন্দেহজনক নাগৰিককেইজনৰ পৰা আৰক্ষীয়ে বাংলাদেশৰ ভিছা, ম’বাইল তথা বেগসহ বিভিন্ন সামগ্ৰী জব্দ কৰিছে ৷
আৰু পঢ়কঃ অসমৰ পৰ্যটনৰ নতুন সম্ভাৱনা কলিয়াবৰ!